ধুবুৰী গুৰুদ্বাৰ উন্নয়নৰ বাবে ৫ কোটি টকাৰ আৰ্থিক সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ

ধুবুৰী জিলাৰ গুৰুদ্বাৰক লৈ মুখ্যমন্ত্ৰীড° হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। সোমবাৰৰ পৰা আৰম্ভ হ’ল শিখসকলৰ নৱম গুৰু টেগ বাহাদুৰৰ শ্বহীদী দিৱস।

তিনিদিনীয়া কাৰ্যসূচীৰ পহিলা দিনাটোতে অসমৰ মুখ্যমন্ত্ৰী গৰাকী উপস্থিত হয়গৈ ধুবুৰীৰ প্ৰখ্যাত গুৰুদ্বাৰত। প্ৰায় এঘণ্টা সময় গুৰুদ্বাৰ দৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে। শেষত গুৰুদ্বাৰ প্ৰাংগণত আয়োজিত এক ধৰ্মীয় সভাত গুৰু টেগ বাহাদুৰক শ্ৰদ্ধা নিবেদন কৰাৰ লগতে ধুবুৰীৰ এই গুৰুদ্বাৰৰ উন্নয়নৰ আৰু বিশ্বমানৰ ধৰ্মীয় টুৰিষ্ট স্পট হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰৰ ফালৰ পৰা ৫ কোটি টকাৰ আৰ্থিক অনুদান কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। প্ৰয়োজনত পিছৰ সময়ত আৰু অধিক ধনৰাশি প্ৰদান কৰিব বুলি উল্লেখ কৰে।

Comments (0)
Add Comment