পৌৰসভা নিৰ্বাচনত মহিলাৰ কাৰণে বি জে পিত বিশেষ সংৰক্ষণৰ ঘোষণা মুখ্যমন্ত্ৰীৰ
৫ ডিচেম্বৰত শোণিতপুৰ জিলাত অনুষ্ঠিত হৈ যোৱা মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আগন্তুক পৌৰসভা নিৰ্বাচনত মহিলাৰ কাৰণে আসন সংৰক্ষণৰ যি বিশেষ ঘোষণা কৰে ৷ তাৰ বাবে বিজেপি মহিলা মৰ্চাৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীকএখন সংবাদমেলত ধন্যবাদ জনায় ৰাজ্যিক বি জে পিৰ সভানেত্ৰী আঙুৰলতা ডেকাই ৷ তেখেতে উল্লেখ কৰে যে পৌৰসভা নিৰ্বাচনত যি সমূহ আসনত এগৰাকী মহিলা প্ৰাৰ্থী বিজয়ী হৈ আহিব পৰৱৰ্তী ১০ বছৰৰ বাবে সেই আসনসমূহ মহিলাৰ বাবে সংৰক্ষিত হৈ থাকিব ৷ এনেদৰেই ৰাজনীতিত আৰু শাসন যন্ত্ৰত মহিলাৰ সক্ৰিয় অংশগ্ৰহণ সম্ভৱ কৰি তোলাৰ বাবে পোনপ্ৰথম বাৰৰ বাবে মুখ্যমনত্ৰী হিমন্তবিশ্ব শৰ্মাই গ্ৰহণ কৰা পদক্ষেপক মহিলা মৰ্চাই আদৰণি জনাইছে ৷
লগতে, ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ আগন্তুক কৰ্মৰাজিৰ বিষয়ে মন্তব্য প্ৰদান কৰি আঙুৰলতা ডেকাই লগতে কয় যে, আগন্তুক সময়ত ’মূলাগাভৰু সমৰ কলা প্ৰশিক্ষণ’ৰ জৰিয়তে মহিলা মৰ্চাই নাৰীক শাৰীৰিক তথা মানসিক ভাৱে শক্তিশালী কৰি এখন সুস্থ সৱল সমাজ গঢ়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা লোৱাৰ কাৰ্যপন্থা গ্ৰহণ কৰিব ৷ বৰ্তমান সময়ৰ পৰিৱেশ আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নাৰীয়ে নিজৰ সুৰক্ষাৰ কথা নিজেই চিন্তা কৰিব লাগিব ৷ সেয়েহে এইবাৰ জিলাই জিলাই “বীৰাংগনা মূলাগাভৰু” শীৰ্ষক এক সমৰ কলাৰ প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰিব ৷