মুকলি হ’ল বিধায়ক শ্বেৰমান আলী; ২ মাহ ৪ দিনৰ মূৰত জেলৰ পৰা ওলায়েই দিলে বিস্ফোৰক মন্তব্য
অৱশেষত জামিন লাভ কৰিছে বিধায়ক শ্বেৰমান আলীয়ে। ২ মাহ ৪ দিনৰ অন্তত জেলৰ পৰা মুকলি হৈ আহিয়ে শ্বেৰমান আলীয়ে দিছে বিস্ফোৰক মন্তব্য ।
জে’লৰ পৰা ওলায়ে শ্বেৰমান আলীয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কৰিলে অভিযোগ । অসমৰ জনসাধাৰণৰ মৌলিক অধিকাৰ নোহোৱা কৰিছে বিজেপি চৰকাৰে, আলীয়ে কয় । নিজৰ পূৰ্বৰ স্থিতিতে অটল বুলি জানিবলৈ দি আলীয়ে কয়- জে’লত থাকোতে কংগ্ৰেছ দলেও কোনোধৰণৰ সহায় কৰা নাছিল। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ৬৪ দিন কটাই অন্তত আটাইকেইটা গোচৰতে জামিন লাভ কৰিছে আলীয়ে। জামিনৰ পত্ৰ অহাত পলম হোৱা ফলত ৭ ডিচেম্বৰতহে কাৰাগাৰৰ পৰা মুকলি হয় বিধায়ক শ্বেৰমান আলী। দিছপুৰৰ বিধায়ক আবাসৰ পৰা অক্টোবৰৰ ২ তাৰিখে গ্ৰেপ্তাৰ হৈছিল শ্বেৰমান আলী। কেইবাটাও ধাৰাত গোচৰ ৰুজু হৈছিল তেওঁৰ বিৰুদ্ধে ।