মুম্বাইত কিৱি ক্ৰিকেটাৰ আজাজক সম্বৰ্ধনা
জন্ম গ্ৰহণ কৰিছিল মুম্বাইত, কিন্তু আঠ বছৰ বয়সত অকলেণ্ডলৈ গুচি গৈছিল তেওঁৰ পৰিয়াল। যদি তেওঁ ভাৰতত থাকিলহেঁতেন, আজাজ পেটেলে হয়তো এই দেশক প্ৰতিনিধিত্ব কৰিলহেতেন। কিৱি স্পিনাৰজনে মুম্বাইৰ ৱানখেডে ষ্টেডিয়ামত ক্ৰিকেটৰ ইতিহাসত নিজৰ নাম লিখিলে। আজাজ টেষ্টত এটা ইনিংছত ১০ টা উইকেট লোৱা বিশ্বৰ তৃতীয় জন স্পিনাৰ । দুজন কিংবদন্তী দুজন হ’ল জিম লেকাৰ আৰু অনিল কুম্বলে।
টীম ইণ্ডিয়াই আজাজক তেওঁৰ অসামান্য সাফল্যৰ বাবে এটা বিশেষ উপহাৰ দিছে। বিৰাট কোহলী এণ্ড কোম্পানীৰ দ্বাৰা স্বাক্ষৰিত জাৰ্চী আজাজক দিয়া হয়। জাৰ্চিটো আজাজক ভাৰতৰ জ্যেষ্ঠ স্পিনাৰ আৰ অশ্বিনে দিছিল। মুম্বাই ক্ৰিকেট এছ’চিয়েশ্যনৰ দ্বাৰা আজাজক সম্বৰ্ধনা জনোৱা হৈছিল।