Daily Time Axom

তিনি মিনিটৰ জুম মিটিঙতে ৯০০ কৰ্মচাৰীক ছাটাই, কিন্তু কিয়?

0 9

আমেৰিকাৰ এটা প্ৰতিষ্ঠানত কাম কৰা ৯০০ কৰ্মচাৰীক মাত্ৰ তিনি মিনিটৰ জুম মিটিঙৰ পিছত ছাঁটাই কৰা হৈছে কৰ্মৰ পৰা। এই অস্বাভাৱিক গণ ছাটাই আমেৰিকা যুক্তৰাষ্ট্ৰত সংঘটিত হৈছে ।

বিশাল গাৰ্গ নামৰ এজন ভাৰতীয় নাগৰিকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ কোম্পানী Better.com মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) হিচাপে কাম কৰে। তেওঁ মাত্ৰ তিনি মিনিটৰ জুম মিটিংত কোম্পানীৰ ১৫ শতাংশ কৰ্মচাৰীক ছাঁটাই কৰিছে। অৰ্থাৎ, ভাৰ্চুৱেল সভাতে ৯০০ ৰো অধিক কৰ্মচাৰীক ছাঁটাই কৰিছে।

এক প্ৰতিবেদনত কোৱা হৈছে যে বন্ধৰ বতৰ আৰু কেইদিনমানৰ ভিতৰতে আৰম্ভ হ’ব। তাৰ আগতেই কোম্পানীয়ে গুৰুত্বপূৰ্ণ সভা আহ্বান কৰিছিল। নিৰ্দেশনা অনুসৰি, কৰ্মচাৰীসকলে সময়মতে অনলাইন প্লেটফৰ্মত সভাখনত উপস্থিত আছিল। কিন্তু হঠাতে, সভাত উপস্থিত থাকি, মুখ্য কাৰ্যবাহী বিষয়া বিশাল গাৰ্গে জনায় যে কোম্পানীটোৱে একে সময়ত ১৫ শতাংশ কৰ্মচাৰীক ছাটাই কৰাৰ সিদ্ধান্ত লৈছে। এই কথা শুনি স্বাভাৱিকতে কৰ্মচাৰীসকলৰ মূৰত আকাশ খহি পৰিল। কাৰণ তেওঁলোকে তেতিয়ালৈকে জনা নাছিল কি কাৰণত তেওঁলোকক ছাটাই কৰা হৈছে।

৪৩ বছৰীয়া বিশালে গণ ছাটাই সন্দৰ্ভত কয়, “মই বেছি ভাল খবৰ অনা নাছিলো। বজাৰ দ্ৰুতগতিত সলনি হৈ আছে। বজাৰত জীয়াই থাকিবলৈ কোম্পানীটোৱে এই কঠিন সিদ্ধান্ত ল’ব লগা হয়। এই সিদ্ধান্তটো মোৰ, সেয়েহে ময়েই কৱলগীয়া হৈছিল। ‘

তেওঁ লগতে কয়, “মই দ্বিতীয়বাৰৰ বাবে কৰ্মচাৰীসকলক ছাটাই কৰিছো। যিটো এটা অতি কঠিন কাম। মই সঁচাকৈয়ে সেইটো কৰিব নিবিচাৰো। মই আগৰবাৰ বহুত কান্দিছিলো। মই আশা কৰোঁ এইবাৰ শক্তিশালী হৈ থাকিব পাৰিম। পাছত কৈছিলো এই মুহূৰ্তৰ পৰা আপোনালোক এই কোম্পানীৰ কৰ্মচাৰী নহয়। ”

Leave A Reply

Your email address will not be published.