বিধায়ক তেৰশ গোৱালাক ৰাজধানী এক্সপ্ৰেছত আক্ৰমণ!

ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক তেৰশ গোৱালাই ৰাজধানী এক্সপ্ৰেছত হোৱা এক অপ্ৰীতিকৰ অভিজ্ঞতা লাভ কৰিছিল। তেওঁ এজন সহযাত্ৰীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত কৰিছিল।
ঘটনাটো সংঘটিত হৈছিল গোৱালাই দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছত যাত্ৰা কৰি থাকোতে। তেওঁৰ কম্পাৰ্টমেণ্টৰ লাইট অফ কৰাৰ বিষয় এটাক কেন্দ্ৰ কৰি একেটা কম্পাৰ্টমেণ্টৰ এজন সহযাত্ৰীৰ সৈতে তৰ্ক হৈছিল।
প্ৰথমতে তৰ্ক হৈছিল আৰু পাছত কথাৰ কটাকটি অধিক হৈ পৰিস্থিতি উত্তপ্ত হৈছিল, যাত্ৰীজনে গোৱালাক আক্ৰমণ কৰিছিল বুলি অভিযোগ কৰিছে।
গোৱালাই কয়, “মই মোৰ পৰিয়ালৰ সৈতে গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ৰাজধানী এক্সপ্ৰেছত যাত্ৰা কৰি আছিলো লাইট অফ কৰাৰ বাবে তীব্ৰ তৰ্ক-বিতৰ্কৰ হোৱাত তেওঁ মোক আক্ৰমণ কৰিছিল।”
গোৱালাই তেতিয়া তৎক্ষণাৎ বিষয়টো ৰেল আৰক্ষী বাহিনীক অৱগত কৰিছিল।
পিছত ব্যক্তিগৰাকীক হোজাই জিলাৰ বাসিন্দা ৰমাকান্ত ৰয় বুলি চিনাক্ত কৰা হৈছে। আক্ৰমণকাৰীজনক লামডিং ৰেল ষ্টেচনত গ্ৰেপ্তাৰ কৰা হয়।
ইফালে, লামডিঙৰ বিধায়ক শিবু মিশ্ৰ আৰু বিজেপি দলৰ কেইবাজনো কৰ্মীয়ে বাতৰি টো পোৱাৰ পিছত গোৱালাক লগ কৰিবলৈ লামডিং ষ্টেচনত একত্ৰিত হয়।
খবৰ অনুসৰি, কেইবাজনো ক্ষুব্ধ বিজেপি কৰ্মীয়ে গ্ৰেপ্তাৰ কৰা ৰমাকান্ত ৰয়ক আক্ৰমণ কৰে যাৰ ফলত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়।

Comments (0)
Add Comment