সঁচাকৈয়ে পাক ক্ৰিকেটাৰ আফ্ৰিদিৰ সন্তানৰ মাতৃ হ’বলৈ ওলাইছিল নেকি উলংগ হৈ বিতৰ্কত সোমাই পৰা আৰ্চী খান?
ৰিয়েলিটি শ্ব’ ‘বিগ বছ’ খ্যাত আৰ্চী খান সদায় কোনো কাৰণত বিতৰ্কত থাকিবই। তেওঁ কেইবছৰমান আগতে এখন সংবাদমেলত উলংগ হৈ উপস্থিত হৈছিল। সেই ভিডিঅ’টো ইণ্টাৰনেটত ভাইৰেল হৈছিল । বহুতে তেওঁৰ উলংগ শৰীৰত ত্ৰিৰংগা আঁকি লোৱা বাবেও তেওঁৰ বিৰোধিতা কৰিছিল। দৰাচলতে, আৰ্চী খানে ২০১৬ চনত ঘোষণা কৰিছিল যে যিয়ে ভাৰত-পাকিস্তানৰ মেচখন জিকিব তেওঁ উলংগ হৈ নিজৰ শৰীৰত সেই দেশৰ পতাকা আঁকিব।
সেই ক্ৰিকেট খেলখনত ভাৰতে পাকিস্তানক পৰাস্ত কৰিছিল। আৰ্শী খানে তেতিয়া উলংগ হৈ এখন সংবাদমেল অনুষ্ঠিত কৰিছিল। কিন্তু সম্পূৰ্ণ উলংগ নহয়, আৰ্শী কেৱল চাদৰত মেৰিয়াই থোৱা দেখা গৈছিল। এখন সংবাদমেল সম্বোধন কৰি আৰ্শীয়ে কয়, ” ভাৰত জিকিলে কাৰণে ভাৰতৰ পতাকাখন শৰীৰত আঁকিছো।’ বহুতে সেই সময়ত আৰ্চী খানৰ তীব্ৰ বিৰোধিতা কৰিছিল। আনকি ত্ৰিৰংগা অৱমাননাৰ বাবে আৰ্চী খানৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল।
সেই ভিডিঅ’টোত আৰ্চী খানে এইটোও কৈছিল যে তেওঁ পাকিস্তানৰ ক্ৰিকেটাৰ আফ্ৰিদিৰ সন্তানৰ মাতৃ হ’বলৈ গৈ আছে। জানিব পৰা গৈছে যে আৰ্চী খানে নিজেই পাকিস্তানী ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদিৰ নাম তেওঁৰ সৈতে সংযুক্ত কৰি লৈছিল। তেওঁ নিজেই কৈছিল যে তেওঁ শ্বাহিদ আফ্ৰিদিৰ সৈতে সম্পৰ্কত আছে আৰু তেওঁৰ সন্তানৰ মাতৃ হ’বলৈ গৈ আছে। অৱশ্যে, কেইদিনমান পিছত, আৰ্চীয়ে কৈছিল যে এই সকলোবোৰ এটা প্ৰচাৰৰ ষ্টান্ট।
আৰ্চী খানে ‘বিশ’ আৰু ‘সাবিত্ৰী দেৱী মেডিকেল কলেজ দাস্পতাল’ৰ দৰে ধাৰাবাহিকত অভিনয় কৰিছে। তেওঁ এজন প্ৰতিযোগী হিচাপে বিগ বছৰ ঘৰত যথেষ্ট আলোড়ন সৃষ্টি কৰিছিল। আৰ্শীয়ে তেওঁৰ শেহতীয়া বিবৃতিত কৈছিল যে তেওঁ নিৰ্দিষ্ট ক্ষেত্ৰত সীমাবদ্ধ থাকিব নিবিচাৰে, সেয়েহে তেওঁ আজিকালি মল্লযুদ্ধ শিকি আছে। ” আৰ্শীয়ে কয়, ”মই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিব বিচাৰো। এজন পুৰুষৰ সৈতেও মল্লযুদ্ধত যুঁজিবলৈ মোৰ কোনো সমস্যা নাই। আজিৰ পৃথিৱীত কোনো লিংগ বৈষম্য নাই। ‘