“কামাখ্যা ধামলৈ ঔৰংগজেৱৰ ভূমি দানৰ কথা মই কোৱা নাই, মহেশ্বৰ নেওগেহে লখি গৈছে, সাহিত্য সভা জগৰীয়া৷”- AIUDF বিধায়ক আমিনুলৰ লুটি বাগৰ ।
মোগল সম্ৰাটে নীলাচল পাহাৰৰ ওপৰত অৱস্থিত কামাখ্যা মন্দিৰৰ বাবে ভূমি দান কৰিছিল বুলি মন্তব্য কৰি ৰাজ্যজোৰা বিতৰ্কৰ সূত্ৰপাত ঘটাইছে ধিং বিধান সভা সমষ্টিৰ এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে ৷
“ঔৰঙ্গজেৱে ভাৰতৰ কেইবাশ মন্দিৰলৈ ভূমি দান কৰিছিল, আৰু বাৰাণসীৰ জংগামৱাড়ী মন্দিৰলৈ ১৭৮ হেক্টৰ ভূমি দান কৰিছিল। কামাখ্যা মন্দিৰলৈও ঔৰঙ্গজেবে ভূমি দানৰ প্ৰমান এতিয়াও ব্ৰিটিছ সংগ্ৰহালয়ত আছে বুলি এআইইউডিএফৰ বিধায়কজনে দাবী কৰিছিল দুদিন আগতে।
এআইইউডিএফৰ বিধায়কগৰাকীৰ বিতৰ্কিত মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁৰ চৰকাৰে এনে মন্তব্য সহ্য নকৰে।মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কৈছিল, “বিধায়ক শ্বেৰমান আলীয়ে বিতৰ্কিত মন্তব্য দিয়াৰ বাবেই কাৰাগাৰলৈ গৈছিল। যদি বিধায়কগৰাকীয়ে পুনৰ এনে মন্তব্য কৰে তেন্তে তেৱোঁ কাৰাগাৰলৈ যাব লাগিব। মোৰ চৰকাৰৰ অধীনত, আমাৰ সভ্যতা আৰু সংস্কৃতিৰ বিৰুদ্ধে বিবৃতি সহ্য কৰা নহ’ব ৷“
ইফালে, অসমৰ মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দি আমিনুল ইছলামে এতিয়া লুটি বাগৰ মাৰি কৈছে যে মহেশ্বৰ নেওগৰ পবিত্ৰ অসম নামৰ কিতাপখনতহে সেই কথা লিখা আছে । তেওঁ আৰু কয়, “মোক ভাবুকি দিয়াৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়ে অসম সাহিত্য সভাক ভুল কিতাপ প্ৰকাশ কৰাৰ বাবে ভাবুকি দিয়া উচিত।”