Daily Time Axom

চিডিএছ জেনেৰেল বিপিন ৰাৱাটসহ বায়ু সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত ৷ ৫ জনৰ মৃতদেহ উদ্ধাৰ

0 5

তামিলনাডুত বুধবাৰে নীলগিৰি জিলাৰ কুন্নুৰত এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈছে ৷ ভাৰতীয় বায়ু সেনাৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয় য’ত চিফ অফ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাটকে ধৰি কেইবাজনো জ্যেষ্ঠ সেনা বিষয়া আছিল আৰু তেওঁলোক এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ আছিল। ভাৰতীয় বায়ু সেনাই এই তথ্য টুইট কৰিছে।

সূত্ৰ অনুসৰি, হেলিকপ্টাৰখনত ১৪ জন লোক আছিল, যাৰ ভিতৰত ৯ জন লোকৰ নাম উল্লেখ কৰা হৈছে। হেলিকপ্টাৰখনত জেনেৰেল বিপিন ৰাৱাট আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱটৰ উপৰিও কেইবাজনো জ্যেষ্ঠ বিষয়া আছিল। দুৰ্ঘটনাটোৰ পিছত উদ্ধাৰ অভিযান চলি আছে আৰু বৰ্তমান উদ্ধাৰৰ কাম চলি আছে।

দূৰ্ঘটনাটোৰ পিছত চিডিএছ জেনেৰেল বিপিন ৰাৱাটক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। এতিয়ালৈকে ৫ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে, আনহাতে তিনিজন আহতক স্থানান্তৰ কৰা হৈছে। বিপিন ৰাৱাটকে ধৰি তিনিজন আহতক চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

Leave A Reply

Your email address will not be published.