হানিমুনৰ সলনি ন-বোৱাৰী গৈ থানা পালেগৈ,কিয় ঝাৰখণ্ডৰ পূব সিংহভূম জিলাত বেংক বিষয়া স্বামীয়ে মধুচন্দ্ৰিকাৰ ৰাতি ন-পত্নীক দিয়া চৰ্তই ৰূপ ললে তালাকৰ । ন-বোৱাৰীৰ সংসাৰ আৰম্ভ হৈছিলহে প্ৰথম নিশাই স্বামীৰ চৰ্ত শুনি আৰক্ষীৰ কাষ চাপিলগৈ পত্নী। হানিমুনৰ সলনি বোৱাৰী গৈ থানা পালেগৈ। পূব সিংহভূম জিলাৰ পোটকা থানাৰ অন্তৰ্গত এগৰাকী যুৱতীৰ হিন্দু ৰীতি–নীতিৰে বিয়া হৈছিল ১৮ জুন ২০১৮ত পৰছুদিহ নিবাসী এজন যুৱকৰ সৈতে। যুৱকজনে এম বি এ পঢ়াৰ পিছত লক্ষ্ণৌৰ এটা বেংকত এছিষ্টেণ্ট মেনেজাৰ পদত চাকৰি কৰি আছিল। মহিলাগৰাকীয়ে কয় যে বিয়াৰ পিছত মধুচন্দ্ৰিকাৰ নিশা স্বামীয়ে তেওঁৰ আগত ২ বছৰত আই এ এছ হোৱাৰ চৰ্ত ৰাখে । আৰু যদি এই কাম কৰিব নোৱাৰে তেন্তে দুয়োৰে মাজত স্বামী–স্ত্ৰীৰ সম্পৰ্ক শেষ হৈ যাব।
প্ৰথমতে মহিলাগৰাকীয়ে এয়া ধেমালি বুলি ভাবিছিল। কিন্তু পিছদিনা পুৱা স্বামীয়ে তেওঁক ইণ্টাৰভিউ দিয়াৰ কথা কৈ ঘৰৰ পৰা ওলাই গৈছিল আৰু উভতি অহা নাছিল। আনকি তেওঁৰ স্বামীয়ে তেওঁৰ সৈতে ফোনতো কথা পতা নাছিল। যেতিয়াই কথা পতাৰ চেষ্টা কৰে স্বামীয়ে অস্বীকাৰ কৰে। মহিলাগৰাকীয়ে কয় যে পিতৃ–মাতৃৰ সন্মানৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ নীৰৱে আছিল। শহুৰেকৰ পৰিয়ালেও বিভিন্ন কথা শুনাবলৈ আৰম্ভ কৰিছিল। তদুপৰি লোকজনে আদালতত তালাকৰ আবেদন দাখিল কৰা বুলি জানিব পাৰি ভুক্তভোগী মহিলাগৰাকীৰ মূৰত যেন সৰগ ভাগি পৰিল।এতিয়া ভুক্তভোগী বোৱাৰীগৰাকীয়ে পুনৰ পঢ়া–শুনা কৰি আছে, যাতে এক লক্ষ্যত উপনীত হৈ স্বামীক শাস্তি দিব পাৰে।