আজি বলিউউড তাৰকা কেটৰীণাৰ বিকি কৌশলৰ সৈতে বিয়া ৷
ৰাতিপুৱাৰ পৰা, ৰাজস্থানৰ মাধোপুৰ জিলাৰ ‘ছিক্স চেঞ্চ’ ৰিজৰ্টত আজি বিয়াৰ অনুষ্ঠান ৷
প্ৰাতঃভোজন পুৱা ৮ বজাৰ পৰা ১১ বজালৈ চলিল ৷ ইয়াৰ পিছত ১ বজাৰ পৰা চলিল ‘চেহৰা বান্দি’ অনুষ্ঠান।
আবেলি ৩ বজাত কাঁচৰ বিবাহ মণ্ডপ সজ্জিত হ’ব ৷ তাৰ পিছত বিকি সাতটা বগা ঘোঁৰাৰ গাড়ীত উঠি বিয়া পাতিবলৈ যাব। কেটৰিনা পাল্কিত উঠি যাব। ‘সাত ফেৰী’ বা সাতপাক সন্ধিয়া ৬ বজাত ল’ব দুয়ো। ৰীতি-নীতি অনুসৰি, কেটৰিনাৰ ডিঙিত বিকিয়ে পিন্ধাব মংগলসূত্ৰ। তাৰ পিছত, পাৰ্টি আৰু অতিথিৰ আতিথ্য নিশা ৮ বজাৰ পৰা অব্যাহত থাকিব।
ভিভিআইপিৰ খাতিৰত বিয়া উপলক্ষে ৰিজৰ্ট আৰু ইয়াৰ কাষৰীয়া অঞ্চলবোৰত নিৰাপত্তা বৃদ্ধি কৰি দিয়া হৈছে।
তাৰকা যুটিৰ বিয়া উপলক্ষে ৰিজৰ্টত বলীউডৰ কবীৰ খান, মিনি মাথুৰ, অঙ্গদ বেদী, নেহা ধুপিয়া, শৰব্ৰী ৱাঘ, গুৰদাস মান, চিমৰণ কৌৰ ইতিমধ্যে বিয়াখনত উপস্থিত হৈছে৷ কেটৰিনাৰ ঘনিষ্ঠ অনুষ্কা শৰ্মাও বিয়াখনত উপস্থিত হ’ব৷ অমিতাভ বচ্চন আৰু অক্ষয় কুমাৰো আহি পোৱাৰ কথা আছে৷ কিন্তু কেটৰিনাৰ ঘনিষ্ঠ বন্ধু আৰু প্ৰাক্তন প্ৰেমিক ছলমান খানে বিয়াখনত উপস্থিত নাথাকে ৷ তেওঁ ‘দাবাং ট্যুৰ’ কৰিবলৈ ৰিয়াধলৈ গৈছে৷