ফুটবলৰ জীৱন্ত কিংবদন্তি পেলে কলন টিউমাৰৰ চিকিৎসাৰ বাবে পুনৰ হস্পিটেলত চিকিৎসাধীন হ’বলগীয়া হৈছে । ব্ৰাজিলৰ ফুটবলাৰ গৰাকীয়ে কলন টিউমাৰৰ চিকিৎসাৰ বাবে দেশখনৰ ৰাজধানী ছাও পাওলাও এলবাৰ্ট আইনষ্টাইন হাস্পতালত ভৰ্তি হৈছে। হস্পিটেল কৰ্তৃপক্ষই বৰ্তমান বিশ্ব শ্ৰেষ্ঠ ফুটবলাৰ গৰাকী সুস্থ অৱস্থাত আছে বুলি উল্লেখ কৰি অহা কেইদিনমানৰ ভিতৰতে তেওঁক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিব পৰা যাব বুলি সদৰি কৰে।
উল্লেখযোগ্য যে, বিগত ছেপ্তেম্বৰ মাহত কলন টিউমাৰৰ অস্ত্ৰোপচাৰৰ বাবে হস্পিটেলত ভৰ্তি হৈছিল পেলে।
এতিয়াও ফুটবল কিংবদন্তি গৰাকীয়ে নিয়মীয়াভাৱে চিকিৎসা গ্ৰহণ কৰি আছে। ব্ৰাজিলৰ ফুটবল অনুৰাগী সকলৰ লগতে বিশ্ববাসীয়ে শীঘ্ৰেই ফুটবলৰ মহানায়কগৰাকী সুস্থ হৈ উঠাৰ বাবে প্ৰাৰ্থনা জনাইছে।