AFSPA বাতিলহ দাবী জনোৱা আৰু এজন মুখ্যমন্ত্ৰীৰ সংখ্য বাঢ়িল উত্তৰ-পূৰ্বাঞ্চলত ৷ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙেও এইবাৰ উত্তৰ-পূবৰ পৰা সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন, ১৯৫৮ (এএফএছপিএ) বাতিল কৰাৰ দাবী জনাইছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে বুধবাৰে কয় যে, “আমি এই আইন বাতিল কৰিবলৈ আহ্বান জনাই আহিছো। আমি ভৱিষ্যতেও এই দাবী কৰি যাম”।
ইয়াৰ পূৰ্বে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনাৰ্ড কে চাংমাই এই আইনৰ বিৰোধিতা কৰি বাতিল কৰাৰ দাবী জনাইছিল।
তেওঁলোকে দাবী কৰে যে কিছুমান শক্তিয়ে অসামৰিক লোকসকলক সন্ত্ৰাসিত কৰিবলৈ আইনখনৰ অপব্যৱহাৰ কৰিছে। ৪ ডিচেম্বৰত নাগালেণ্ডত সেনাৰ হাতত নিৰীহ নাগৰিকৰ মৃত্যুৰ পিছত এই দাবী কৰা হৈছে।
উল্লেখযোগ্য যে, মানৱ অধিকাৰৰ ওপৰত নাগৰিক সমাজ মিত্ৰজোঁটে সমালোচনা কৰিছিল যে, মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে পৰিস্থিতিটোৰ ওপৰত নীৰৱ হৈ থকাটোৱে আচৰিত কৰি তুলিছে। সংগঠনটোৰ আহ্বায়ক ফুলিন্দ্ৰো কোনচামৰ মতে সিঙে এএফএছপিএ বিৰোধী মঞ্চতে এন বীৰেন সিঙে ৰাজনৈতিক কেৰিয়াৰ প্ৰতিষ্ঠা কৰিছিল। সিঙৰ বিৰুদ্ধে কংগ্ৰেছ বিধায়ক এ. মীৰাবায়েও এক গভীৰ নীৰৱতা অৱলম্বন কৰাৰ অভিযোগ উত্থাপিত কৰিছে ৷ তাৰ পিছতেই মুখ খুলিবলৈ বাধ্য হৈ পৰিল এন বীৰেণ সিং ৷
ৰাজ্যখনৰ মানৱ অধিকাৰ কৰ্মীসকলে ভুৱা সংঘৰ্ষ আৰু অন্যান্য ন্যায়বিৰোধী ঘটনাত নিহত হোৱা ১,৫২৮ জন লোকৰ মৃত্যু নথিভুক্ত কৰিছে।