ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত উজলিল বিশ্বনাথৰ ৪ খেলুৱৈ ৷ ৭ টাকৈ স্বৰ্ণ,ব্ৰঞ্জ আৰু ৰজত পদক অৰ্জনৰে গৌৰৱ কঢ়িয়াই আনিলে ৰাজ্যলৈ।

গুজৰাটত সোমনাথত অলপতে অনুষ্ঠিত ২৩ সংখ্যক অল ইণ্ডিয়া ৱাড’ কাই কাৰাটে চেম্পিয়নশ্বিপ-২০২১ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি স্বৰ্ণ,ব্ৰঞ্জ আৰু ৰজত পদক লাভ কৰিবলৈ সক্ষম হৈছে বিশ্বনাথ জিলাৰ ৪ খেলুৱৈয়ে ৷ প্ৰশিক্ষক তন্ময় নাথৰ নেতৃত্বত যোৱা চাৰিজনীয়া দলটোত মুনমী দাসে ১টা স্বৰ্ণ আৰু এটা ৰজত পদক,প্ৰণৱ জ্যোতি বৰাই ব্ৰঞ্জ আৰু ৰজত, য়াছ ছেত্ৰীয়ে ব্ৰঞ্জ আৰু চাব জুনিয়ৰ শাখাত ভাগ্যশ্ৰী ভূঞাঁই দুটাকৈ সোণৰ পদক লাভ কৰি সমগ্ৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে ৷ এই কৃতিত্ব কঢ়িয়াই অনাৰ বাবে ৰবিবাৰে বিশ্বনাথৰ পূৱ মৰলগাঁৱ আৰু বুঢ়ীগাংৰ স্থানীয় মহিলাসকলে আটাই কেইগৰাকী খেলুৱৈকে উষ্ম আদৰণি জনোৱাৰ লগতে একোখনকৈ সম্বৰ্ধনা পত্ৰ, কিতাপ আৰু গামোচাৰে সম্বৰ্ধনা জনায় ৷ উল্লেখ্য যে, ৪ জন খেলুৱৈয়ে পৰৱৰ্তী ডুবাইত অনুষ্ঠিত হ’ব লগা আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত হৈছে ৷

Comments (0)
Add Comment