কিয়, কেনেকৈ জামিন লাভ কৰিলে অসমীয়া ভাষা বিদ্বেষী বিতৰ্কিত বঙালী নেতা প্ৰদীপ দত্ত ৰয়ে ?
জামিনত মুক্তি লাভ কৰিলে বিতৰ্কিত বঙালী নেতা প্ৰদীপ দত্ত ৰয়ে ৷ প্ৰায় ১২ দিনৰ পিছত জামিনত মুক্তি লাভ কৰিছে তেওঁ । স্বাস্থ্যজনিত কাৰণ দেখুৱাই বুধবাৰে শিলচৰৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত প্ৰদীপ দত্ত ৰয়ৰ হৈ তেওঁৰ অধিবক্তাই জামিনৰ আবেদন কৰিছিল।
পাঁচ নম্বৰ জামিনৰ আবেদনৰ পাছত জামিন মঞ্জুৰ কৰে আদালতে , ইয়াৰ আগতে দত্ত ৰয়ৰ চাৰিবাৰ জামিন আবেদন নাকচ কৰিছিল আদালতে ।
শিলচৰ মেহেপুৰৰ এটা পেট্ৰ’ল পাম্পত অসমীয়া পোষ্টাৰ ৪৮ ঘণ্টাৰ ভিতৰত আঁতৰাই নিয়াৰ বাবে হুংকাৰ দিয়াৰ পাছতে কাছাৰ আৰক্ষীয়ে ২৭ নবেম্বৰত প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰ কৰিছিল ৷ যদিও স্বাস্থ্যজনিত কাৰণত ৩ ডিচেম্বৰত আদালতৰ নিৰ্দেশত দত্ত ৰয়ক শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছিল ৷ বৰ্তমানো প্ৰদীপ দত্ত ৰয় শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে ৷