গুৱাহাটী মহানগৰীত নিৰ্মাণ হ’ব ৪খন নতুন অভাৰ ব্ৰীজ
গুৱাহাটী মহানগৰীৰ বৰ্ধিত জনসংখ্যা তথা যান-বাহনৰ সংখযাৰ প্ৰতি লক্ষ্য ৰাখি ৪খন নতুন অভাৰব্ৰীজ নিৰ্মাণ হ’ব মহানগৰীত ৷ কেন্দ্ৰীয় পথ, পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই কথা ঘোষণা কৰিছে।
এই তথ্য অনুসৰি ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে চহৰখনত চাৰিখন নতুন ফ্লাই অভাৰ নিৰ্মাণৰ বাবে ইতিমধ্যে পদক্ষেপ আৰম্ভ কৰিছে।
বৰাগাঁও, গড়চুক, লখৰা আৰু বশিষ্ঠ চাৰিআলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই উৰণীয়া সেঁতুকেইখন নিৰ্মাণ কৰা হ’ব।
মন্ত্ৰীজনে লগতে ঘোষণা কৰিছে যে চহৰখনত এটা ‘ৰিং ৰোড’ থাকিব। তেওঁ লগতে উল্লেখ কৰে, ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে উত্তৰ-পূবত ৮৪,১৯৩ কোটি টকাৰ আনুমানিক ব্যয়েৰে ১৩১ টা প্ৰকল্প আৰম্ভ কৰিব।