Daily Time Axom

আজি শ্বহীদ দিৱস ৷ মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি ৷

0 8

আজি শ্বহীদ দিৱস ৷
জাতীয় জীৱনৰ হকে মৃত্যু জিনা শ্বহীদক স্মৰণ কৰাৰ এটি বিশেষ দিন। আজি ঐতিহাসিক অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু দিন।

উল্লেখ্য যে, এসময়ত উক্ত আন্দোলনৰ বাবে উদ্বুদ্ধ হৈ খিলঞ্জীয়াৰ স্বাভিমান তথা স্বকীয় পৰিচয় ৰক্ষাৰ বাবে ওলাই আহিছিল অসমৰ জনগণ। ঐতিহাসিক ছবছৰীয়া আন্দোলনত অসমৰ অজস্ৰজন শ্বহীদ হৈছিল। এই উপলক্ষে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শ্ৰদ্ধাঞ্জলি জনাই কয় যে, “এই জনজাগৰণত প্ৰাণ আহুতি দিয়া শ্বহীদৰ বলিদান কেতিয়াও অথলে নাযায়।” আৰু লগতে কয়, “পৱিত্ৰ দিনটোত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰকে ধৰি অসম আন্দোলনত প্ৰাণ আহুতি দিয়া মহান শ্বহীদসকলক সশ্ৰদ্ধ সোঁৱৰণ কৰি প্ৰণিপাত জনালোঁ।”

আনহাতে, মৰিগাঁৱত উপস্থিত হৈ মৰিগাঁও মহাবিদ্যালয়ৰ বিজ্ঞান ভৱনটো বিশিষ্ট শিক্ষাবিদ তথা মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নৰেন্দ্ৰ নাথ কেওটৰ নামত উছৰ্গা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ বিজ্ঞান ভৱনটোত উন্নত বিজ্ঞানাগাৰ স্থাপনকে ধৰি আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে ১ কোটি টকা আগবঢ়াব ৷

Leave A Reply

Your email address will not be published.