Daily Time Axom

আফগানিস্তানৰ পৰা ১১০জন শিখ, হিন্দু দিল্লীত উপস্থিত

0 9

১১০ জনীয়া আৱদ্ধ আফগান শিখ আৰু হিন্দুৰ এটা দল শুকুৰবাৰে এক বিশেষ বিমানেৰে নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়।
বিশ্ব পাঞ্জাৱী সংগঠনৰ আন্তঃৰাষ্ট্ৰীয় সভাপতি বিক্ৰমজিৎ সিং চাহনিয়ে এই কথা সদৰি কৰে ৷

আফগানিস্তানৰ পৰা ফোন যোগে কাৰতে পাৰৱান কেন্দ্ৰীয় গুৰুদ্বাৰাৰ গুৰনাম সিঙে কয় যে ৰাতিপুৱা ১১০ জন আফগান শিখ আৰু হিন্দুৰ এটা দল বিমানবন্দৰলৈ ৰাওনা হৈছিল। তেওঁ কয়, “প্ৰায় এশজন শিখ আৰু হিন্দু এতিয়াও ইয়াত আছে কিন্তু তেওঁলোকৰ কিছুমানে ব্যক্তিগত কাৰণত আফগানস্তান এৰিব নোৱাৰে আৰু আন কিছুমান যাব পাৰে যদি আন এখন বিমান চলে।”

Leave A Reply

Your email address will not be published.