এতিয়া কি কৰিছে নৱ দম্পতী বিকি-কেটে! কি কি আছিল বিয়াৰ খাদ্য তালিকাত? কিয় ঘৰ ঝাৰু দিলে কেটৰিনাই?
বিকি কৌশল আৰু কেটৰিনা কাইফ ধুমধামেৰে বিবাহপাশত আৱদ্ধ হোৱাৰ পাছত দুয়োৰে বিয়াৰ ফটো আৰু ভিডিঅ’ ছচিয়েল মিডিয়াত বিয়পি আছে। বলীউডৰ বহুতো তাৰকায়ে দম্পতীহালক বিবাহৰ শুভেচ্ছা জনাইছে । ইফালে, কেটৰিনা আৰু বিকি কৌশলৰ এটা ভিডিঅ’ ভাইৰেল হৈ আছে যিয়ে আপোনাকো হাঁহি উঠাব।
কেটৰিনাক ঝাড়ু দিয়া দেখা গৈছে ভিডিঅ’ত।
কেটৰিনা কাইফে ঘৰ ঝাড়ু দি আছে আনহাতে বিকি কৌশলক চিলিং ফেন পৰিষ্কাৰ কৰা দেখা গৈছে। দুয়োকে ঘৰুৱা কাম কৰা দেখা গৈছে ভিডিঅ’টোত। এতিয়া কথা হ’ল হানিমুন ক’ত বা যায় দুয়ো? উৰি ফুৰা বাতৰি মতে ক’লৈকো হনিমুনত নাযায় দুয়ো ৷
আনহাতে, তাৰকা যুটিটোৱে বিবাহৰ আমন্ত্ৰণকাৰীসকলৰ বাবে বিভিন্ন ধৰণৰ সুস্বাদু আহাৰৰ আয়োজন কৰিছিল। তালিকাখনত স্থানীয় খাদ্যৰ লগতে পেন ইণ্ডিয়াৰ বিভিন্ন ব্যঞ্জন অন্তৰ্ভুক্ত আছে। যিহেতু বিকি পাঞ্জাৱী, তেওঁৰ খাদ্যতো এটা পাঞ্জাৱী ব্যঞ্জন আছিল। ইউৰোপৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ধৰণৰ ফল, চকলেট অনা হৈছিল । শইফ শনোজ কুমাৰ কেটৰিনাৰ বিবাহৰ মেনুৰ দায়িত্বত আছিল । মেনুত অন্তৰ্ভুক্ত আছে ৫ প্ৰকাৰৰ জৈৱিক চালাড, নেডাৰলেণ্ডৰ পৰা ফল সংগ্ৰহ, ফিলিপাইনছৰ পৰা অভাগাডো, ফ্ৰান্সৰ চীজ, চকলেট, পেৰী চীজ, স্পাইনচ কৰ্ণ, ব্ৰকলি চালাড, বুট চাতুৰা, দাইল বুখাৰা, সকলো ধৰণৰ ব্ৰেড আৰু চাউলৰ সামগ্ৰী, পাঞ্জাৱী চিকেন, ডাল-বাউল চুৰমা, ৰঙা মাহ , কমলা ৰাব্ৰি। বিৰিয়ান চেফ ইমতিয়াজ কুৰেছি আৰু তেওঁৰ দলৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল।

