কাছাৰত পূজাৰ খিছিৰি খাই ২৪ জন লোকক চিকিৎসালয়ত ভৰ্তি
কাছাৰ জিলাৰ কুৰকুৰী চাহ বাগিছাৰ এক পূজা উৎসৱত ‘প্ৰসাদ’ খোৱাৰ পিছত কমেও ২৪ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। খবৰ অনুসৰি, পীড়িত লোকসকলে যোৱা সোমবাৰে কুৰকুৰী চাহ বাগিচাৰ পূজা উৎসৱলৈ গৈছিল, য’ত তেওঁলোকৰ প্ৰসাদ হিচাপে ‘খিচিৰি’ খাইছিল। তাৰ পিছতে মানুহে বমি কৰিবলৈ আৰম্ভ কৰে আৰু পেট বিষোৱা বুলি অভিযোগ কৰে। এজন স্বাস্থ্য বিষয়াই জনোৱা মতে, পেটৰ তীব্ৰ বিষৰ বাবে ছয়জন লোকক কালাইন কমিউনিটি হেল্থ চেণ্টাৰলৈ স্থানান্তৰ কৰা হয় । ইফালে, সকলো গুৰুতৰ ৰোগীক উন্নত চিকিৎসাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।