Daily Time Axom

কোহলীয়ে এৰিব দিব বিচৰা নাছিল এদিনীয়াৰ অধিনায়কত্ব ৷

0 16

বৰ সুখকৰ নহ’ল ভাৰতীয় ক্ৰিকেট অধিনায়ক বিৰাট কোহলীৰ এদিনীয়া ক্ৰিকেটৰ কেপ্তেইন পদৰ পৰা বিদায় পৰ্ব ৷ প্ৰাক্তন উইকেট কিপাৰ বেটছমেন চাবা কৰিমে কয় যে বিৰাট কোহলীয়ে আইচিচি ট্ৰফী জিকিব নোৱাৰাৰ বাবে ভাৰতৰ এদিনীয়া দলৰ অধিনায়ক পদৰ পৰা অপসাৰণ কৰা হৈছে । 

তথ্য মতে, বি চি চি আয়ে ৪৮ ঘণ্টা কোহলীয়ে নিজে পদত্যাগ কৰিব বুলি অপেক্ষা কৰিছিল ৷ কোহলীয়ে পদত্যাগ নকৰাত তেঁওক অপসাৰণ কৰিছিল ৷

টি-২০ ৰ অধিনায়কত্বৰ পৰা প্ৰত্যাহাৰৰ সিদ্ধান্ত ঘোষণা কৰি বিৰাট কোহলীয়ে বিশ্বকাপ ২০২৩ লৈকে এদিনীয়া দলৰ নেতৃত্ব অব্যাহত ৰখাৰ ইচ্ছা প্ৰকাশ কৰিছিল৷ অৱশ্যে চেতন শৰ্মা নেতৃত্বাধীন বাছনি সমিতিয়ে ঘোষণা কৰিছে যে তাৰকা অপেনাৰ ৰোহিত শৰ্মাই ভাৰতৰ এদিনীয়া আৰু টি-২০ দলৰ অধিনায়কত্ব কৰিব৷

Leave A Reply

Your email address will not be published.