দিল্লীত সামৰণি পৰিল ঐতিহাসিক কৃষক আন্দোলনৰ
অৱশেষত আনুষ্ঠানিকভাৱে সামৰণি পৰিল দিল্লীত কৃষকৰ ঐতিহাসিক প্ৰতিবাদী কাৰ্যসূচীৰ ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিখন কৃষি আইন বাতিল কৰাৰ ঘোষণা কৰাৰ তিনি সপ্তাহ পিছত আৰু সংসদে আনুষ্ঠানিকভাৱে বাতিল কৰাৰ কেইদিনমান পিছত, প্ৰতিবাদী কৃষকসকলে বৃহস্পতিবাৰে দিল্লীৰ সিংঘূ সীমান্তত তেওঁলোকৰ বছৰজোৰা আন্দোলনৰ সমাপ্তি ঘটালে ।
কৃষকৰ এই প্ৰতিবাদৰ ফলত এন ডি এ চৰকাৰে এক অভূতপূৰ্ব ৰাজনৈতিক সংকটৰ সন্মুখীন হৈছিল ৷ । প্ৰায় ৪০ টা প্ৰতিবাদকাৰী ফাৰ্ম ইউনিয়নৰ সংস্থা একত্ৰিত হৈ সংযুক্তা কিষাণ মৰ্চা (এছকেএম)য়ে কয় যে- “কেন্দ্ৰই কেইবাটাও দাবীত সন্মত হোৱা বাবে বৰ্তমানৰ আন্দোলন স্থগিত ৰখা হৈছে”।
ভাৰতীয় কিষাণ ইউনিয়নৰ (বিকেইউ) নেতা বলবীৰ সিং ৰাজেৱালে কয়: “আজি আমি স্বৈৰাচাৰী চৰকাৰক পৰাস্ত কৰিলো। চৰকাৰে প্ৰতিবাদকাৰীসকলৰ ওপৰত আৰোপ কৰা গোচৰবোৰ ঘূৰাই লয় নে কি আৰু আন দাবীৰ ওপৰত কাম কৰে নেকি সেয়া পুনৰীক্ষণ কৰিবলৈ এছকেএম পুনৰ অহা ১৫ জানুৱাৰীত বৈঠকত মিলিত হ’ব।”