Daily Time Axom

বিশ্বত গণতন্ত্ৰৰ সুৰক্ষাৰ বাবে ৪২.৪৪ নিযুত ডলাৰ বিনিয়োগ কৰিব আমেৰিকাই

0 9

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে শুকুৰবাৰে ঘোষণা কৰিছে যে গণতান্ত্ৰিক নীতি আৰু মূল্যবোধৰ সুৰক্ষা বৰ্তমান সময়ৰ প্ৰত্যাহ্বান। বিডেনে বিশ্বৰ নেতাসকলক ডিজিটেল ভাৱে সম্বোধন কৰি গণতান্ত্ৰিক নৱীকৰণৰ বাবে এক উচ্ছাভিলাসী পদক্ষেপ ঘোষণা কৰে ৷ যাৰ অধীনত তেওঁৰ আমেৰিকান প্ৰশাসনে বিশ্বব্যাপী গণতান্ত্ৰিক নৱীকৰণ ৰণনীতিৰ বাবে ৪২.৪৪ নিযুত আমেৰিকান ডলাৰ প্ৰদান কৰাৰ কথা বিবেচনা কৰি আছে।

বিডেনৰ উদ্যোগত, ভাৰতকে ধৰি ৮০ খনতকৈও অধিক দেশৰ নেতাসকলে হোৱাইট হাউছে আয়োজিত গণতন্ত্ৰ সন্মিলনত অংশগ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুক্ৰবাৰে ডিজিটেল সন্মিলনত ভাষণ দিয়াৰ কথা আছে। গণতন্ত্ৰৰ ওপৰত প্ৰথম সন্মিলন আৰম্ভ কৰি বিডেনে কয়, “বিশ্বজুৰি সাৰ্বজনীন মানৱ অধিকাৰ আৰু নিৰন্তৰ আৰু বিপদজনক প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি গণতন্ত্ৰক সমৰ্থনৰ প্ৰয়োজন। মই এই সন্মিলনখন আয়োজন কৰিব বিচাৰিছিলো কাৰণ ইয়াত আমেৰিকাত, আমি সকলোৱে জানো যে আমাৰ গণতন্ত্ৰক নৱীকৰণ কৰা আৰু আমাৰ গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহক শক্তিশালী কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা কৰাৰ প্ৰয়োজন আছে। ”

Leave A Reply

Your email address will not be published.