বৰাগাঁৱত শ্বহীদলৈ মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
শ্বহীদ দিৱস উপলক্ষে শুকুৰবাৰে পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰক উদ্যানত অসম চুক্তি ৰূপায়ণ বিভাগে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে ৷ ইয়াত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ অনুষ্ঠানত অসম আন্দোলনৰ তথ্যকোষ’ৰ দ্বিতীয় আৰু তৃতীয় খণ্ড দুটা উন্মোচন কৰে মুখ্যমন্ত্ৰীজনে । অনুষ্ঠানত তেঁও অসম আন্দোলনত ক্ষতিগ্ৰস্ত লোকৰ বাবে ৫ কোটি টকা কৰ্পাছ পুঁজিৰে গঠন কৰা এক সাহায্য নিধিও আনুষ্ঠানিকভাৱে মুকলি কৰে ।
১৯৭৯ চনৰ ১০ ডিচেম্বৰ দিনটোতেই স্বজাতিৰ বাবে আত্মবলিদান দিছিল বৰপেটা জিলাৰ ভৱানীপুৰৰ তেজাল যুৱক খৰ্গেশ্বৰ তালুকদাৰে। ʼশ্বহীদ দিৱসʼৰ এই অনুষ্ঠানত প্ৰতিগৰাকী অমৰ শ্বহীদলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন মুখ্যমন্ত্ৰী শৰ্মাৰ ।