ভাৰতীয় ক্ৰিকেট দলৰ নতুন কেপ্তেইন ৰোহিত শৰ্মাই কিমান টকা দৰমহা পাব?
ৰোহিত শৰ্মা এতিয়া ভাৰতীয় ক্ৰিকেট দল অধিনায়ক । ৰোহিতকলৈ অনুৰাগীসকলৰ স্বাভাৱিক আগ্ৰহ যে তেওঁ এতিয়া বিৰাট কোহলীতকৈ অধিক দৰমহা পাব নেকি ? জনামতে, বিৰাট টেষ্ট দলৰ অধিনায়ক আৰু ৰোহিত উপ-অধিনায়ক হৈ থাকিব।
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (BCCI) ৰোহিত আৰু বিৰাটক বছৰি কিমান দৰমহা দিয়ে জানেনে…? বিৰাট কোহলী, ৰোহিত শৰ্মা আৰু যশপ্ৰীত বুমৰাহ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডত (BCCI) বাৰ্ষিক চুক্তি তালিকাত গ্ৰেড এ+ ত আছে। বিচিচিআইৰ চুক্তি অনুসৰি,
✔️ এ+ খেলুৱৈসকলে বছৰি ৭ কোটি টকা লাভ কৰে। বিচিচিআইয়ে অধিনায়কত্বৰ বাবে পৃথক দৰমহা নিদিয়ে।
✔️একেদৰে, গ্ৰেড এ, বি, চিৰ খেলুৱৈসকলে ক্ৰমান্বয়ে ৫ কোটি টকা, ৩ কোটি টকা আৰু ১ কোটি টকা লাভ কৰে।