অহা ফেব্ৰুৱাৰীৰ পৰা হ’ব পৌৰ নিগম-নিকায়ৰ নিৰ্বাচন ৷ বি জে পি-ৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভাত ক’লে মুখ্যমন্ত্ৰীয়ে ৷

গুৱাহাটীৰ মাছখোৱাৰ আই টি এ প্রেহ্মগৃহত শনিবাৰে অনুষ্ঠিত হয় ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ এক গুৰুত্বপূর্ণ সাংগঠনিক সভা । এই সভাত দলৰ প্রস্তাৱিত সহযোগ নিধি অভিযান’, পৌৰ নিকায়ৰ নিৰ্বাচন আৰু সমবায় আন্দোলনৰ সম্পৰ্কত আলোচনা কৰা হয়।

সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে সংগঠনেই হৈছে ভাৰতীয় জনতা পার্টিৰ মূলমন্ত্র। সংগঠনৰ মূল ভেটি কার্যকর্তা, কার্যালয় আৰু কোষ বুলি উল্লেখ কৰি তেওঁ কয় যে এই তিনিওটা ‘ক’ শক্তিশালী হৈ থাকিলেহে ভাৰতীয় জনতা পার্টির স্থিতি সর্বদা শক্তিশালী হৈ থাকিব। দলৰ প্ৰতিগৰাকী নিষ্ঠাবান কর্মকর্তাকে এই ক্ষেত্ৰত সচেতনতা আৰু সক্ৰিয়তাৰ পৰিচয় দিবলৈ তেওঁ আহ্বান জনায়।

বি জে পি-ৰ সাংগঠনিক কাম-কাজৰ বাবে দলৰ কোষ টনকিয়াল হ’ব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সেই উদ্দেশ্যৰে অহা ১ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈকে সহযোগ নিধি অভিযান নামেৰে এক বিশেষ অভিযান হাতত লোৱা হৈছে। তেওঁ কয় যে দলৰ কৰ্মকৰ্তাসকলে প্ৰতিগৰাকী কাৰ্যকৰ্তা আৰু শুভাকাংক্ষীৰ ঘৰে ঘৰে গৈ বৰঙণি সংগ্ৰহ কৰিব লাগিব। কাৰো মুখলৈ নোচোৱাকৈ কাৰ্যকৰ্তাৰ বৰঙণিৰে ভাৰতীয় জনতা পার্টি পৰিচালিত হ’ব লাগিব বুলিও মুখ্যমন্ত্রীয়ে কয় ৷

লগতে তেওঁ কয় যে ফেব্ৰুৱাৰী মাহত পৌৰ নিকায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব । তাৰ পাছতেই এপ্রিলত গুৱাহাটী, যোৰহাট, ডিব্ৰুগড় আৰু শিলচৰ পৌৰ নিগমৰ নির্বাচন তথা তাৰ পৰৱৰ্তী পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া দেউৰী আৰু ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে প্রস্তুত হ’বলৈ কাৰ্যকৰ্তাসকলৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।

সোমবাৰৰ এই সভাত দলৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা, সাংগঠনিক সাধারণ সম্পাদক ফণীন্দ্র নাথ শর্মাকে ধৰি কেইবাগৰাকীও মন্ত্রী, সাংসদ, বিধায়কৰ লগতে বিভিন্ন জিলা আৰু মণ্ডলৰ পৰা অহা কাৰ্যকর্তাসকল উপস্থিত থাকে।

Comments (0)
Add Comment