Daily Time Axom

ক’ভিড প্ৰতিষেধক গ্ৰহণত পিছ পৰি আছে কিয় কাৰ্বি আংলং ? বুজ ল’লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷

0 15

ক’ভিড প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত আন জিলাৰ তুলনাত কিছু পিছ পৰি আছে পাহাৰীয়া জিলা কাৰ্বি আংলং ৷ ১০০ শতাংশ যোগ্য লোকক প্ৰথমপালি ক’ভিড প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত কিছু পিছ পৰি থকা বাবে কাৰ্বি আংলং জিলাত উপস্থিত হয় স্বস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷ প্ৰতিষেধক অভিযান ক্ষীপ্ৰ কৰাৰ উদ্দেশ্যেৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে সোমবাৰে পুৱা ডিফু আৱৰ্ত ভৱনত কাৰ্বি স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খংছিং ৰংপিৰ সৈতে এই বিষয়ত আলোচনাত মিলিত হয়। স্বায়ত্ব পৰিষদৰ ফালৰ পৰা জিলাখনৰ দ্বিধাগ্ৰস্তসকলক লোকসকলক প্ৰতিষেধক ল’বলৈ আগ্ৰহী কৰোৱাৰ বাবে বিশেষ সহযোগিতা আগবঢ়াব বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীক জনায় মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে।

ইয়াৰ পাছতে পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্যৰ উপস্থিতিত স্বাস্থ্যমন্ত্ৰী মহন্তই উপায়ুক্ত কাৰ্যালয়ত কাৰ্বি আংলঙৰ স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ ভিতৰুৱা অঞ্চলসমূহতো ১০০ শতাংশ প্ৰথমপালি ক’ভিড টীকাকৰণৰ লক্ষ্যত শীঘ্ৰে উপনীত হ’ব পৰাকৈ প্ৰয়োজনীয় কাৰ্যপৰিকল্পনা চূড়ান্ত কৰে। এই বৈঠকতে ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰে জড়িত বিভিন্ন দিশকলৈও আলোচনা কৰে স্বাস্থ্যমন্ত্ৰী মহন্তই।

Leave A Reply

Your email address will not be published.