Daily Time Axom

পৱিত্ৰ কাশী ধামত প্ৰধানমন্ত্ৰী মোডীয়ে উন্মোচন কৰিলে ১ লাখ বৰ্গফুট বহল কাশী বিশ্বনাথ কৰিডৰ

0 12

সনাতন সংস্কৃতিৰ প্ৰতীক কাশী বিশ্বনাথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰচিলে নতুন ইতিহাস ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে আধ্যাত্মিকতা আৰু হিন্দু ধৰ্মৰ পৱিত্ৰ পীঠস্থান শ্ৰী কাশী বিশ্বনাথ ধামৰ নতুন ৰূপৰ উদ্বোধন কৰি ভক্তপ্ৰাণলৈ অৰ্পণ কৰে ।

বাৰাণসীত উপস্থিত হৈ সোমবাৰে কালভৈৰৱ মন্দিৰত পূজা আগবঢ়োৱাৰ পিছত ক্ৰুজেৰে কাশীলৈ যায় প্ৰধানমন্ত্ৰী মোডী ৷ তাত গংগা ঘাটত স্নান কৰি সমাপন কৰিলে বিশ্বনাথৰ জলাভিষেক, পূজা-অৰ্চনা ৷ আগবঢ়ালে ষোঢ়শ উপচাৰ ৷

তাৰ পিছতেই মুকলি কৰিলে মোডীয়ে তেঁওৰ এক অভিলাসী প্ৰকল্প ৷ ভক্তপ্ৰাণ ৰাইজলৈ উচৰ্গা কৰিলে কাশী মন্দিৰৰ সৈতে গংগাৰ ঘাটক লগ লগোৱা এক বিশাল কৰিডৰ ৷ যাক কোৱা হৈছে কাশী বিশ্বনাথ কৰিডৰ ৷ ৩৩৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা কাশী বিশ্বনাথ মন্দিৰৰ প্ৰথম পৰ্যায় নিৰ্মাণৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

পূৰ্বে কাশী মন্দিৰ আৰু গংগা ঘাটৰ এই কৰিডৰটি যথেষ্ট ঠেক আছিল ৷ মাত্ৰ ৩ হাজাৰ বৰ্গফুটৰ এই কাশী বিশ্বনাথ কৰিডৰ এতিয়া ৫ লাখ বৰ্গ ফুট বহল কৰি নতুনকৈ নিৰ্মাণ কৰা হ’ল ৷ এতিয়া এই মন্দিৰ চৌহদত প্ৰায় ৭০০০০ তীৰ্থযাত্ৰী সমবেত হ’ব পাৰিব বুলি আশা কৰা হৈছে।

উল্লেখযোগ্য যে, ১৭৮০ চনত বৰ্তমানৰ কাশী বিশ্বনাথ মন্দিৰটি নিৰ্মাণ কৰিছিল মহাৰাণী অহল্যা বাঈ হোলকাৰে ৷ কাশী বিশ্বনাথ মন্দিৰৰ ‘জ্যোতিৰ্লিংগ’ আন বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত সবাতোকৈ গুৰুত্বপূৰ্ণ জ্ঞান কৰা হয় ৷ দৈনিক লক্ষ লক্ষ ভক্তপ্ৰাণে বিশ্বনাথক দৰ্শন কৰিবলৈ ভিৰ কৰে এই মন্দিৰত ৷

কাশী বিশ্বনাথ মন্দিৰৰ এই কৰিডৰ মুুকলি কৰি কাশীত চলি থকা বিকাশৰ মহা যজ্ঞৰ আজি নতুন সূচনা হ’ল বুলি মন্তব্য কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

Leave A Reply

Your email address will not be published.