কাশ্মীৰত আৰক্ষীৰ গাড়ীত আক্ৰমণ, ৩জন আৰক্ষী বিষয়া নিহত

শ্ৰীনগৰৰ পাঠানচক অঞ্চলৰ ওচৰৰ আৰক্ষী শিবিৰৰ পৰা অলপ দূৰত তিনিজন সন্ত্ৰাসবাদীৰ আৰক্ষীৰ গাড়ীত নিৰ্বিচাৰ গুলীচালনা ৷ সোমবাৰৰ এই আক্ৰমণত ঘটনাস্থলীতে দুজন আৰক্ষী বিষয়া নিহত আৰু আন ১৪ জন আহত হয়।

চিকিৎসালয়লৈ নিয়াৰ পথত আন এজন আৰক্ষী বিষয়াৰ মৃত্যু হয়। ঘটনাটোৰ পিছতে সমগ্ৰ অঞ্চলটোত নিৰাপত্তা বৃদ্ধি কৰা হৈছে। বিভিন্ন ঠাইত অনুসন্ধান অভিযানো আৰম্ভ কৰা হৈছে।

ইফালে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত শোক প্ৰকাশ কৰিছে। এক টুইটযোগে তেওঁ আক্ৰমণৰ বিৱৰণ বিচাৰিছিল।

Comments (0)
Add Comment