ভাৰতত ক’ৰোনাৰ প্ৰাম্ভিক কালত ধৰ্মীয় সমাৱেশৰ জড়িয়তে ক’ৰোনা সংক্ৰমণ বিস্তাৰৰ অভিযোগত বিতৰ্কত সোমাই পৰিছিল মুছলিম ধৰ্মীয় সংগঠন তবলিঘী জামাত ৷ শেষত ধৰ্মীয় সংগঠন তবলিঘী জামাত কাঠগড়াত থিয় হ’ব লগা হয়।
এইবাৰ চৌদি আৰৱে এই সংগঠনটো নিষিদ্ধ কৰিলে। দেশখনৰ মতে, ‘সন্ত্ৰাসবাদৰ অন্যতম দুৱাৰ’ হৈছে এই তবলিঘী জামাত নামৰ এই সংগঠনটো । স্বাভাৱিকতে, চাপত পৰিছে এতিয়া তবলিঘী জামাত। কাৰণ চৌদি আৰৱে তেওঁলোকক বৃহৎ ধৰ্মীয় কাৰ্যকলাপৰ বাবে এক বৃহৎ পৰিমাণৰ ধন প্ৰদান কৰিছিল। এইবাৰ তেওঁলোকে তবলিঘীক নিষিদ্ধ কৰিছে। বাতৰি অনুসৰি মধ্য প্ৰাচ্যৰ আন কিছুমান দেশেও তেওঁলোকক নিষিদ্ধ কৰিব। অৱশ্যে, বাংলাদেশ, পাকিস্তান, ইণ্ডোনেছিয়া, মালয়েছিয়াই এই মুহূৰ্তত এই সিদ্ধান্ত লোৱা নাই। কিয়নো এই দেশবোৰত যথেষ্ট সংখ্যক তবলিঘী পন্থী আছে।
চৌদি আৰৱৰ ইছলাম মন্ত্ৰালয়ে টুইটাৰত লিখিছে, ”ইছলাম মন্ত্ৰী ড০ আব্দুল লতিফ আল-আলশ্বেইখে সকলো মছজিদৰ মৌলবীসকলক অহা শুক্ৰবাৰে প্ৰাৰ্থনাৰ পিছত তবলিঘীৰ বিষয়ে উপাসকসকলক সতৰ্ক কৰিবলৈ নিৰ্দেশ দিছে।”
ভাৰতত তবলিঘী আন্দোলন আৰম্ভ হৈছিল আজিৰ পৰা এশ বছৰ আগতে। মহম্মদ ইলিয়াছ কান্ধলাৱীক প্ৰথমে উত্তৰ-পশ্চিম ভাৰতৰ মেৱাটত পৰিচয় কৰাই দিছিল। সেই সময়ত বহুলোকে হিন্দু ধৰ্ম ত্যাগ কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। কিন্তু বহুতে তেওঁলোকৰ পূৰ্বৰ ধৰ্ম্মক পাহৰিব নোৱাৰিলে। ইলিয়াছে তেতিয়া এই তবলিঘী মতবাদৰ প্ৰৱৰ্তন কৰিছিল। লাহে লাহে এই মতবাদ জনপ্ৰিয় হৈ পৰিল। আৰু এই চৌদি আৰৱে ইয়াত এক ডাঙৰ ভূমিকা পালন কৰিছিল। কিন্তু সময় বাগৰিৰ লগে লগে, চৌদি আৰৱৰ শাসনাধিষ্ঠিত ৱাহাবীসকলে এই তবলিঘী মতবাদৰ বিৰোধিতা কৰি আহিছিল। আৰু অৱশেষত শেহতীয়াভাৱে ২০২১চনৰ শেষৰ মাহটোত চৌদি আৰবত নিষিদ্ধ ঘোষণা কৰিলে তবলিঘী জামাতক ৷