বিশ্বত ওমিক্রনত মৃত্যু হ’ল প্ৰথমজন ব্যক্তিৰ ৷ এপ্ৰিললৈ ব্ৰিটেইনত ওমিক্ৰনত ৭৫০০০ লোকৰ মৃত্যুৰ শংকা ৷

ক’ৰোনাৰ নতুন প্ৰজাতি, ওমিক্ৰনে সমগ্ৰ বিশ্বতে উদ্বেগ বৃদ্ধি কৰিছে। ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে সোমবাৰে ব্ৰিটেইনত ক’ৰোনা ভাইৰাছৰ এই নতুন প্ৰজাতিৰ সংক্ৰমণত হোৱা প্ৰথমটো মৃত্যুৰ ঘটনা নিশ্চিত কৰে। কোভিড-১৯ সংক্ৰমণৰ এই নতুন প্ৰজাতিৰ ফলত বিশ্বত প্ৰথমজন মানুহৰ মৃত্যু হৈছে ।
ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী বৰিছ জনছনে ঘটনাটোৰ কথা ৰাজহুৱা কৰিছে সোমবাৰে। ক’ৰোনাৰ এই নতুন প্ৰকাৰটো ডেল্টা প্ৰজাতিতকৈ কম সংক্ৰামক আৰু কম বিপদজনক।- এই ভুল ধাৰণাটো মানুহৰ মনত সৃষ্টি হ’ব নালাগে বুলি মন্তব্য কৰি তেওঁ লগতে ভেকছিন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। বৰ্তমান ১৮ বছৰ বা তাতকৈ অধিক বয়সৰ লোকক দিয়া হৈছে।

“হয়, লোকসকলক ওমিক্ৰন সংক্ৰমণৰ আশংকা কৰা হৈছে, দুখৰ বিষয় যে এজন ৰোগীৰ ওমিক্ৰন সংক্ৰমণত মৃত্যু হোৱাটো নিশ্চিত কৰা হৈছে”, ব্ৰিটিছ প্ৰধানমন্ত্ৰী গৰাকীয়ে সাংবাদিকক এইদৰে কয়। তেওঁ লগতে কয়, “গতিকে মই ভাবো যে এইটো কোনো প্ৰকাৰে ভাইৰাছৰ মৃদু সংক্ৰমণ নহয়।” 
ওমিক্ৰন ইতিমধ্যে পৃথিৱীৰ ৫৯ খন দেশলৈ বিয়পি পৰিছে। জনছনে উল্লেখ কৰিছে যে নতুন প্ৰজাতিটো কেৱল লণ্ডনত ৪০ শতাংশ ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ বাবে দায়বদ্ধ। ব্ৰিটিছ চৰকাৰৰ মতে, সপ্তাহান্তত ওমিক্ৰনত ভুগা ১০ জন লোকক ইংলেণ্ডৰ চিকিৎসালয়ত চিকিৎসা কৰা হৈছে।

ওমিক্ৰন হৈছে দক্ষিণ আফ্ৰিকাত নতুনকৈ চিনাক্ত চাৰ্চ-কোভ-২ ৰ এক প্ৰকাৰ। ক’ৰোনা ভাইৰাছৰ এই নতুন প্ৰকাৰ পোৱাৰ পিছত সমগ্ৰ বিশ্বতে এক আলোড়ন সৃষ্টি হৈছে। ডেল্টা ভেৰিয়েণ্টতকৈ ওমিক্ৰনৰ প্ৰকাৰ অধিক বিপদজনক আৰু দ্ৰুত সংক্ৰামক ৷ বিশেষজ্ঞসকলে আশংকা কৰিছে যে নতুন ক’ৰোনা প্ৰজাতিটো অধিক সংক্ৰামক, সেয়ে ই দ্ৰুতগতিত বিয়পিবলৈ গৈ আছে। 

ব্ৰিটেইনৰ মহামাৰী বিশেষজ্ঞসকলৰ শংকা যে, এই গতিত ওমিক্ৰনৰ সংক্ৰমণ অব্যাহত থাকিলে ব্ৰিটেইনত অহা এপ্ৰিলৰ শেষলৈ ২৫০০০ৰ পৰা ৭৫০০০ পৰ্যন্ত লোকৰ ওমিক্ৰনত প্ৰাণহানি ঘটিব পাৰে ৷

Comments (0)
Add Comment