ভাৰতীয় ৰে’লৱেৰ এক বৃহৎ উৎকোচ কাণ্ড চি বি আইৰ হাতত ধৰা পৰিছে গুৱাহাটীৰ মালিগাঁৱৰ উত্তৰ-পূৱ ৰে’লৱেৰ মুখ্য কাৰ্যালয়ত ৷ দাবী কৰা উৎকোচৰ ৫০ লাখ টকা আগধন লৈ হাতে লোটে চিবিআইৰ হাতত ধৰা পৰিল উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ এগৰাকী জ্যেষ্ঠ অভিযন্তা ৷
ৰে’লৱেৰ বিদ্যুৎ বিভাগৰ বিষয়া ৰঞ্জিত কুমাৰ বৰাই কাম আবন্টন দিয়াৰ বাবত ২.৫০কোটি টকা উৎকোচ বিচাৰিছিল। তাৰে ৫০ লাখ টকা আগধন হিচাপে লওতেই হাতে লোটে CBI ৰ জালত পৰিল এফ ৰে’লৱেৰ মালিগাঁৱৰ মুখ্য কাৰ্যালয়ত ৰে’লৱেৰ টেকনিকেল বিভাগৰ মুখ্য অভিযন্তা ৰূপে কৰ্মৰত ৰঞ্জিত কুমাৰ বৰা।
ৰে’লৱেৰ বিদ্যুৎ বিভাগৰ কাম দিয়াৰ বাবদ এটা প্ৰতিষ্ঠানৰ পৰা এই বৃহৎ ধনৰাশি উৎকোচ বিচাৰিছিল দুৰ্নীতিগ্ৰস্ত বিষয়াজনে ৷ মালিগাঁৱৰ কাৰ্য্যলয়তে উৎকোচ লৈছিল ৰঞ্জিত কুমাৰ বৰাই ৷ চি বি আইয়ে ৰঞ্জিত কুমাৰ বৰাক গ্ৰেপ্তাৰ কৰাৰ লগতে টকা দিয়া প্ৰতিষ্ঠানটোৰো এজন সদস্যক গ্ৰেপ্তাৰ কৰিছে।
ৰঞ্জিত কুমাৰ বৰাক গ্ৰেপ্তাৰ কৰাৰ সমান্তৰালভাৱে মহানগৰীৰ হেঙেৰাবাৰীৰ উৎসৱ কাননত থকা বিলাসী এপাৰ্টমেণ্টতো CBI ৰ অভিযান চলিল ৷ সেই অভিযানতে ধৰা পৰে ৰঞ্জিত কমাৰ বৰাৰ নামে-বেনামে থকা অগাধ সম্পত্তিৰ তথ্য ৷