ক্ৰিকেট নে জীয়েকৰ জন্মদিন গুৰুত্বপূৰ্ণ ? বিৰাট কোহলীয়ে পাৰিবনে জীয়েকৰ জন্মদিন পাতিব?
এতিয়া ঘোৰ ধৰ্ম সংকটত পৰিছে বিৰাট কোহলী ৷
এদিন আগতে আঘাতৰ বাবে ৰোহিত টেষ্ট শৃংখলাৰ পৰা আঁতৰ হৈছিল। তাৰ পিছত কেইঘণ্টামানৰ ভিতৰতে, জানিব পৰা গৈছিল যে কোহলীয়ে এদিনীয়া শৃংখলা খেলিব নোৱাৰে। অৱশ্যে বোৰ্ডে দাবী কৰে যে আন কোনো বিশেষ কাৰণ নাই। বিষয়টো সম্পূৰ্ণ কাকতালীয়। বিৰাটে দীৰ্ঘদিন ধৰি বিচিচিআইক জনাই আহিছে যে তেওঁ আফিকাত এদিনীয়া শৃংখলা নেখেলে। কিয়নো জীয়ৰী ভমিকাৰ প্ৰথম জন্মদিন ধুমধামেৰে উদযাপন কৰিব । বিৰাট আৰু অনুষ্কাৰ জীয়েকৰ জন্ম যোৱা বছৰৰ ১১ জানুৱাৰীত হৈছিল। ইণ্ডিয়া টেষ্টৰ অধিনায়কজনে সেই সময়ত তেওঁৰ পৰিয়ালৰ সৈতে ছুটি লোৱাৰ পৰিকল্পনা কৰিছে। গতিকে তেওঁ বোৰ্ডৰ পৰা আগতীয়া অনুমতিত লৈছিল। দক্ষিণ আফ্ৰিকাত এখন টেষ্ট শৃংখলা খেলি বিৰাট স্বদেশলৈ উভতি অহাৰ কথা আছে। ১১ ৰ পৰা ১৫ জানুৱাৰীলৈ কেপ টাউনত হ’ব অন্তিমখন টেষ্ট। তিনিখন এদিনীয়া শৃংখলা ১৯ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব। বিৰাট ১৫ জানুৱাৰীৰ পিছতহে ঘৰলৈ উভতিব পাৰিব। গতিকে এতিয়া প্ৰশ্ন হৈছে বিৰাট কোহলীয়ে পাৰিবনে জীয়েকৰ জন্মদিন পাতিব ?
