Daily Time Axom

মহাকাশত মহাকাশচাৰীসকলৰ ভাৰতীয় খাদ্য প্ৰিয় কিয়?

0 13

জানি আচৰিত হ’ব যে বহু মহাকাশচাৰীয়ে মহাকাশত ভাৰতীয় খাদ্য গ্ৰহণ কৰাত আগ্ৰহ প্ৰকাশ কৰে ৷ নিশ্চয় আপোনাৰো জানিবলৈ মন যাব একাংশ মহাকাশচাৰীৰ ভাৰতীয় খাদ্য প্ৰিয় ?

ভাৰতীয় মূলৰ এজন চিকিৎসক-গৱেষক অনিল মেনন ২০১৪ চনৰ পৰা নাছাৰ ফ্লাইট চাৰ্জন হৈ আছে। দহজন মহাকাশচাৰীয়ে সোনকালেই নাছাৰ মহাকাশযানত চন্দ্ৰলৈ যাত্ৰা কৰিব। প্ৰস্তুতিও চলি আছে। তেওঁলোকৰ চাৰিগৰাকী মহিলা আৰু অনিল মুঠ ১০জনীয়া দলৰ ভিতৰত এজন। মহাকাশলৈ যোৱাৰ আগতে সৰ্বভাৰতীয় সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত অনিলে কয় যে মহাকাশচাৰীসকলৰ ভাৰতীয় খাদ্যৰ প্ৰতি এক বিশেষ আকৰ্ষণ আছে। বিশেষকৈ যেতিয়া মহাকাশত থাকে , সকলোৱে ভাৰতীয় খাদ্য খাবলৈ ভাল পায়। কিন্তু কিয়?

সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত অনিলে কয়, “মই জানি সখী হৈছো যে মহাকাশচাৰীসকলে মহাকাশত ভাৰতীয় খাদ্য খাবলৈ ভাল পায়। ইয়াৰ বহুতো বৈজ্ঞানিক কাৰণ আছে। সকলোৰে নাক মহাকাশত বন্ধ থাকে। যাৰ বাবে খাদ্যৰ গোন্ধ, সোৱাদ সঠিকভাৱে উপলব্ধ নহয়। ভাৰতীয় মচলাৰ মানদণ্ড আৰু সোৱাদ সকলোৱে ভাল পায়।সেয়ে খাব বিচাৰে। ৪৫ বছৰীয়া অনিল অতীতত ‘চয়ুজ ৩৯’ আৰু ‘চয়ুজ ৪৩’ৰ উপ ক্ৰু চাৰ্জন আছিল। তেওঁ চয়ুজ ৫২ মহাকাশযানৰ মুখ্য ক্ৰু চাৰ্জন আছিল। তেওঁ এতিয়াও প্ৰশিক্ষণত আছে। মহাকাশলৈ যোৱাৰ আগতে সকলো প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে। অনিলে গৱেষণাৰ কামৰ বাবে ভাৰতৰ কেৰালাত দীঘলীয়া সময় অতিবাহিত কৰিছিল যদিও তেওঁ আমেৰিকাত জন্ম গ্ৰহণ কৰা আৰু ডাঙৰ দীঘল হৈছিল ।

Leave A Reply

Your email address will not be published.