অসমত শিক্ষা বিভাগৰ দ্বাৰা এই বছৰো শিক্ষকৰ যোগ্যতা পৰীক্ষাৰ আয়োজন কৰা হয়। এই বছৰ উচ্চ প্ৰাথমিক আৰু প্ৰাথমিক শিক্ষক পদৰ বাবে অসম টেট চলিত বছৰৰ ৩১ অক্টোবৰ তাৰিখে অনুষ্ঠিত কৰা হৈছিল। আনহাতে নিম্ন প্ৰাথমিক শিক্ষক পদৰ বাবে ২০২১ চনৰ ৩ অক্টোবৰত বিশেষ টেট আয়োজন কৰা হৈছিল।
অসমৰ সকলো ২৭ খন জিলাৰ পৰা বহু সংখ্যক আবেদনকাৰীয়ে পৰীক্ষাত অংশগ্ৰহণ কৰিছিল।
আজি সৰ্বশিক্ষা অভিযান মিছন, অসমে (এছএছএ) ৩১ অক্টোবৰ ২০২১ তাৰিখে অনুষ্ঠিত কৰা অসম টেটৰ ফলাফল ঘোষণা কৰিছে।
প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষক পদৰ বাবে অসম টেট ফলাফল আজি সৰ্বশিক্ষা অভিযান মিছনে আপলোড কৰিছে @ ssa.assam.gov.in
শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে টুইটাৰ যোগে পুৱাই এই কথা সদৰি কৰি টুইট কৰে ৷