অষ্ট্ৰেলিয়াৰ বিখ্যাত প্ৰফেচনেল টি-২০ ক্ৰিকেট লীগ হ’ল দ্যা বিগ বাছ লীগ ৷ এই বিগ বাছ লীগ ২০২১-২০২২ ৰ এখন খেলত হোবাৰ্ট হাৰিকেনছৰ মেকডাৰমট নামৰ বেটচমেনজনে এটা সুন্দৰ ছয় মাৰিছিল। তেওঁৰ ছয়টো খেলপথাৰৰ বাহিৰলৈ গৈ দৰ্শকৰ মাজত পৰিছিল। কিন্তু তেতিয়াই এটা ঘটনা ঘটে। মেকডাৰমটে কোঁবোৱা বলটোৰ কেছ ধৰিবলৈ আগবাঢ়ি গৈছিল এজন অনুৰাগী দৰ্শক ৷ কিন্তু বলটোৱে অনুৰাগীৰ কপাল ফালি দিয়ে। লগে লগে ৰক্তক্ষৰণ আৰম্ভ হয় তেওঁৰ ! বলটো অনুৰাগীজনৰ কঁপালত লগাত শুই পৰিছিল তেওঁ, পিছত অনুৰাগীজনে পিন্ধি থকা মুখাখন খুলিছিল আৰু অনুভৱ কৰিছিল তেওঁ যে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। ভিডিঅ’টো লগে লগে ভাইৰেল হৈ পৰিছিল চছিয়েল মিডিয়াত।