Daily Time Axom

ৰাম মন্দিৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

0 8

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিনিকি ভূঞা শৰ্মাই সোমবাৰে বাৰাণসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
টুইটাৰযোগে মুখ্যমন্ত্ৰী শৰ্মাই লিখিছে, “আদৰণীয় প্ৰধানমন্ত্ৰী শ্ৰী@narendramodiji সৈতে থাকি ধন্য যে মই আৰু @rinikibsharma ১৩ ডিচেম্বৰ, ২০২১ তাৰিখে পবিত্ৰ চহৰ বাৰাণসীত প্ৰধানমন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰাৰ এক সুন্দৰ সুযোগ পাইছিলো।”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰামৰ্শ অনুসৰি মুখ্যমন্ত্ৰী শৰ্মাই আজি অযোধ্যা ভ্ৰমণ কৰি অযোধ্যাৰ ৰাম মন্দিৰত পূজা আগবঢ়ায়।
মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰাণসীত উপস্থিত থাকি আৰু প্ৰধানমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ৰাজ্যখনৰ উন্নয়নমূলক আঁচনিসমূহৰ বিষয়ে আলোচনা কৰে ।

Leave A Reply

Your email address will not be published.