অসম চৰকাৰে চাকৰিত নিযুক্তিৰ বাবে পাতিব Common Test; একে পৰ্যায়ৰ মুঠ ১,১১,১৯১টা পদৰ বাবে হ’ব এটাই পৰীক্ষা!
ৰাজ্যৰ বিভিন্ন বিভাগৰ বাবে নিযুক্তি প্ৰক্ৰিয়াৰ পৰীক্ষা পদ্ধতি ৰাজ্য চৰকাৰে সলনি কৰিব। নিযুক্তি প্ৰক্ৰিয়া খৰতকীয়া কৰিবলৈ এটাই Common Test অনুষ্ঠিত কৰিব বুলি জানিব পৰা গৈছে। ফলত সুকীয়া সুকীয়াকৈ ২০২২ চনৰ পৰা বিভাগ সমূহে নিযুক্তি পৰীক্ষা অনুষ্ঠিত নকৰিবও পাৰে।
সম্প্ৰতি ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ আছে মুঠ ১,১১,১৯১টা পদ। ইয়াৰে গ্ৰেড ১ৰ খালী পদৰ সংখ্যা ৩,৫৮৭টা আৰু গ্ৰেড ২-ত খালী হৈ আছে ১০৯৪টা । এনে পদৰ বাবে অসম লোকসেৱা আয়োগে বিভিন্ন পৰ্যায়ত পৰীক্ষা অনুষ্ঠিত কৰি আহিছে। কিন্তু এই নিযুক্তি প্ৰক্ৰিয়া খৰকটীয়া আৰু স্বচ্ছ কৰিবলৈ সুকীয়া পদ্ধতি চিন্তা কৰিছে ৰাজ্য চৰকাৰে। যিসমূহ পদৰ বাবে ন্যুনতম শিক্ষাগত অৰ্হতা একেই হব, তাৰ বাবে APSCৰ জৰিয়তে ৰাজ্য চৰকাৰে Common Test অনুষ্ঠিত কৰিব পাৰে। সেইদৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত নিযুক্তিৰ ক্ষেত্ৰতো একেই নীতি গ্ৰহণ কৰিব । ইয়াৰ বাবে ৰাজ্য চৰকাৰে ইণ্টাৰনেট ৰিকুইটমেণ্ট কমিশ্যন গঠনৰ চিন্তা-চৰ্চা কৰিছে। আগন্তুক বিধানসভা অধিৱেশনত এই বিষয়ে ৰাজ্য চৰকাৰে সবিশেষ জনাব পাৰে।