Daily Time Axom

কংগ্ৰেছৰ দাবী “আকৌ নতুন প্ৰভাত হ’ব” ৷ দলৰ নীতি আদৰ্শৰ উৰ্ধত কথা নক’ব- ভূপেন বৰাৰ আহ্বান ৷

0 10

শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক কলাক্ষেত্র প্রেক্ষাগৃহত আজিৰে পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত আৰম্ভ হোৱা ৰাজ্যিক পৰ্য্যায়ৰ “আকৌ নতুন প্ৰভাত হ’ব” শীৰ্ষক প্ৰশিক্ষণ শিবিৰৰ আজি উদ্বোধনী অনুষ্ঠানত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক দ্বয় পৃথ্বীৰাজ সাথে আৰু বিকাশ উপাধ্যায়, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, প্ৰদেশ কংগ্ৰেছৰ কেউজন কাৰ্য্যকৰী সভাপতি, কংগ্ৰেছ বিধায়িনী দলৰ সতীৰ্থ তথা যুৱ কংগ্ৰেছ আৰু ৰাজ্যিক এন.এছ.ইউ.আইৰ বিষয়ববীয়া তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কৰ্মকৰ্তা সকলৰ উপস্থিত থাকে।

সভাত এ পি চি চি সভাপতি ভূপেন কুমাৰ বৰাই কয় “মই বা দলৰ যিকোনো বিষয়ববীয়াই সংবাদ মাধ্যমৰ আগত কথা কওঁতে দলৰ নীতি আদৰ্শৰ উৰ্ধত কথা কোৱা উচিত নহয়।” বিষয়ববীয়াই নিজা বক্তব্য বুলি কৈ কোনো বিতৰ্কিত মন্তব্য আগবঢ়াব নোৱাৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে কংগ্ৰেছ দলে ‘কা’ৰ বিৰোধিতা কৰি হোৱা আন্দোলনক সমৰ্থন কৰিছিল আৰু ভৱিষ্যতেও ‘কা’ আইনখনৰ বিৰোধ কৰি যাব।

প্ৰশিক্ষণ সভাত বক্তব্য দাঙি ধৰি অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি পৱনসিং ঘাটোৱাৰে দাবী কৰে ২০২৬ চনত অসমত কংগ্ৰেছৰ আকৌ নতুন প্ৰভাত হ’ব।

এই প্ৰশিক্ষণ অহা ১৭ ডিচেম্বৰ পৰ্যন্ত চলিব ৷

Leave A Reply

Your email address will not be published.