Daily Time Axom

গান্ধীৰ দৰে ভাৰতীয় নোটত সুভাষ চন্দ্ৰ বসুৰ ফটো বিচাৰি আদালত পালেগৈ স্বাধীনতা সংগ্ৰামী

0 10

মহাত্মা গান্ধীৰ দৰে নেতাজীৰো ফটো থাকিব লাগে ভাৰতীয় টকাত ৷ এই দাবীৰে নেতাজী সুভাষ চন্দ্ৰ বসুৰ আলোকচিত্ৰ ভাৰতীয় নোটত মুদ্ৰণ কৰাৰ বাবে কলিকতা উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হৈছে। ৯৪ বছৰীয়া হৰেন বাগচী বিশ্বাসে আবেদনখন দাখিল কৰিছে। হৰেন বাগচী এজন স্বাধীনতা সংগ্ৰামী। এই লৈ তেওঁ কলিকতা উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থৰ গোচৰ (পিআইএল) দাখিল কৰিছে।
পিআইএলত, হৰেন বাগচী বিশ্বাসে সুধিছে যে নেতাজীৰ ছবি “মহাত্মা গান্ধীৰ দৰে” ভাৰতীয় টকাত কিয় দিব নোৱাৰি। আবেদনকাৰীয়ে লগতে দাবী কৰিছে যে ভাৰত চৰকাৰে এতিয়ালৈকে স্বাধীনতা সংগ্ৰামত নেতাজী সুভাষ চন্দ্ৰৰ অৱদানক “সঠিকভাৱে স্বীকৃতি” দিয়া নাই।
ইয়াৰ পৰিপ্ৰেক্ষিতত, কলিকতা উচ্চ ন্যায়ালয়ে সোমবাৰে কেন্দ্ৰক আঠ সপ্তাহৰ ভিতৰত আবেদনৰ সঁহাৰি দিবলৈ নিৰ্দেশ দিয়ে। সোমবাৰে অতিৰিক্ত ছলিচিটৰ জেনেৰেল ৱাই জে দস্তুৰে বিষয়টোত শপতনামা দাখিল কৰিবলৈ সময় বিচাৰিছে, মুখ্য ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱ আৰু ন্যায়াধীশ ৰাজৰ্ষি ভৰদ্বাজৰ বিচাৰপীঠে কেন্দ্ৰক আঠ সপ্তাহৰ ভিতৰত আবেদনৰ সঁহাৰি দিবলৈ নিৰ্দেশ দিয়ে।

Leave A Reply

Your email address will not be published.