ঘৰ ভাড়া দিছে বিগ বি অমিতাভে ৷ ভাড়াতীয়া হ’ল কৃতি চানন, ভাড়া কিমান জানেনে?
নিজৰ মুম্বাইত থকা এটা ঘৰ ভাড়ালৈ দিছে বিগ বি অমিতাভে ৷ অভিনেত্ৰী কৃতি চাননক বিগ বি অমিতাভ বচ্চনে নিজৰ ঘৰত ভাড়াতীয়া হিচাপে ৰাখিব। বিগ বি অমিতাভ বচ্চনে তেওঁৰ ডুপ্লেক্স ঘৰটো বলীউডৰ অভেনেত্রী কৃতি চাননক ভাড়াত দিছে। কৃতিয়ে মুম্বাইৰ আন্ধেৰীত এই ডুপ্লেক্স ঘৰটো ভাড়াত ল’বলৈ মালিক অমিতাভ বচ্চনক প্ৰতি মাহে ১০ লাখ টকা ভাড়া দিব লাগিব।
মিমি’ খ্যাত অভিনেত্ৰীগৰাকীয়ে ইয়াক দুবছৰৰ বাবে ভাড়ালৈ লৈছে। ইয়াৰ বাবে, জমা দিছে ৬০ লাখ টকা।
উল্লেখ কৰিবলীয়া যে, কিছুদিন পূৰ্বে অমিতাভ বচ্চনৰ ঘৰ ভাড়া দিযা খবৰটো ৰাজহুৱা হোৱাৰ পিছতে চাৰিও ফালে ব্যাপক চৰ্চা হৈছিল যে বিগ বি পুনৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে নেকি যাৰ বাবে তেঁও ঘৰ ভাড়া দিব লগীয়া পৰিস্থিতি হ’লগৈ !