Daily Time Axom

১৫জানুৱাৰীৰ পৰা এটিএমৰ পৰা ধন উলিয়াওতে বাঢ়িব খৰচ

0 12

এতিয়াৰ পৰা, এটিএমৰ পৰা ধন উলিওৱাটোও হ’ব অধিক ব্যয়বহুল ৷ ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা ব্যয় বৃদ্ধি হ’ব। এইটো মুদ্ৰাস্ফীতিৰ কাৰণে হ’ব বুলি জানিব পৰা গৈছে ।
যদি আপুনি সাধাৰণতে নিৰ্ধাৰিত পৰিমাণতকৈ অধিক ধন এ টি এমৰ পৰা উলিয়ায় তেনেহ’লে ভৰিব লাগিব অধিক পৰিমাণৰ কৰ। আৰ বি আইয়েও এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। এক্সিছ বেঙ্কৰ নিৰ্দেশনা অনুসৰি নিৰ্ধাৰিত সীমাৰ ওপৰত গ টি এম ব্যৱহাৰ কৰা যিকোনো লোকে অতিৰিক্ত মাচুল পৰিশোধ কৰিব লাগিব। এনে প্ৰতিটো লেনদেনৰ বাবে, আপুনি জিএছটিৰ সৈতে ২১ টকা পৰিশোধ কৰিব লাগিব।

এই নিয়ম প্ৰতিটো বেংকে নতুন বছৰৰ ১৫ জানুৱাৰীৰ পৰা অব্যাহত ৰাখিব। সেয়ে নতুন বছৰত এ টি এম ব্যৱহাৰ কৰোতে হিচাপ কৰি ব্যৱহাৰ কৰিবলৈ অভ্যাস কৰক ৷

একাউণ্ট থকা বেংকৰ এ টি এমত ৫ টা লেনদেনহে হ’ব বিনামূলীয়া। আৰু বেলেগ বেংকৰ এ টি এমত ৩ টা লেনদেনহে হ’ব বিনামূলীয়া।

Leave A Reply

Your email address will not be published.