ওমিক্ৰনৰ বাবে মুম্বাইত কঠোৰ ক’ভিড বিধি
ক’ৰোনাৰ ওমিক্ৰন ভেৰিয়েন্টৰ সংক্ৰমণৰ সাম্ভাব্য পৰিস্থিতিৰ বাবে সতৰ্ক হৈছে মুম্বাই প্ৰশাসন ৷ ওমিক্ৰনৰ দ্ৰুত বিস্তাৰৰ বাবে থকা ভয়ৰ ফলত তাৰ স্থানীয় প্ৰশাসনে আগন্তুক উৎসৱৰ বতৰত তেওঁলোকৰ কোভিড-১৯ৰ সামাজিক আচৰণৰ নিয়মবোৰ কঠোৰ কৰিছে ৷ মুম্বাইৰ কৰ্তৃপক্ষই কোভিড বিধি কঠোৰভাৱে অনুসৰণ কৰাৰ সিদ্ধান্ত লৈছে।
সমাৱেশ নিয়ন্ত্ৰণ আৰু চহৰখনত কোভিড-১৯ সংক্ৰমণ প্ৰতিহত কৰাৰ প্ৰচেষ্টাত, ১৬ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ মুম্বাইত চিআৰপিচি ধাৰা ১৪৪-ৰ অধীনত নিষিদ্ধ আদেশ জাৰি কৰা হৈছে ৷ এই আদেশ খ্ৰীষ্টমাছ আৰু নৱবৰ্ষৰ প্ৰাকমুহূৰ্ততো জাৰি থাকিব ।