বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হয় প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰম ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত তিনিদিনীয়া বিশেষ প্ৰশিক্ষণ শিৱিৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীজনে ৷ অনুষ্ঠানত চিদাম্বৰমে কয়-“ নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনত জয়ী হ’বলৈ যিকোনো অপকৰ্ম কৰি জনগণক প্ৰতাৰণা কৰিবলৈ কুন্ঠাবোধ নকৰা হ’ল। এইটো গণতন্ত্ৰৰ বাবে, দেশৰ জনতাৰ বাবে ভয়ংকৰ ভাবুকি হৈ দেখা দিছে।”
তেওঁ নিজৰ বক্তব্যত আৰু কয় যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিৰক্ষা ব্যৱস্হাটো ইমান স্পৰ্শকাতৰ আৰু জটিল যে কেন্দ্ৰীয় চৰকাৰে এই সম্পৰ্কত লোৱা ৱ্যৱস্হাসমূহ যথেষ্ট নহয়। বিজেপি চৰকাৰখনে দেশৰ প্ৰচলিত অৰ্থনৈতিক ব্যৱস্থাটোক ভাঙি-ছিঙি দি জনগণৰ স্বাৰ্থৰ বিপক্ষে থিয় দিছে।
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী চিদাম্বৰমক কলাক্ষেত্ৰত অসমৰ বাৰে ৰহণীয়া সংস্কৃতিৰ চানেকীৰে কেইবাটাও সাংস্কৃতিক দলে তেওঁক মঞ্চলৈ আদৰি নিয়ে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, এ’ আই চি চিৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আদিকে ধৰি প্ৰদেশ কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মীয়ে চিদাম্বৰমক উষ্ম সম্ভাষণ জনায়।