মঙ্গল গ্ৰহৰ দৰে সূৰ্যৰ ৰহস্যও এইবাৰ প্ৰকাশ পাব, নাছাৰ মহাকাশ যানে স্পৰ্শ কৰিলে সূৰ্য ।

অনন্ত ৰহস্য স্পৰ্শৰ মানৱ স্পৃহাই অৱশেষত বাস্তৱ ৰূপ লাভ কৰিলে ৷ নাছাৰ মহাকাশ যানে সূৰ্যক স্পৰ্শ কৰিলে। নাছাই পৃথিৱীৰ নিকটতম আকাশৰ সাধুকথাৰ ৰহস্য ভাণ্ডাৰ জোলবাইটোক চুই চাবলৈ এদিন তাত ভৰি দিছিল, যাৰ পোহৰে ৰাতি ৰাতি আমাৰ ‘চোতাল’ত প্ৰৱেশ কৰিছিল।

মহাকাশ বিজ্ঞানৰ ইতিহাসত এইটো প্ৰথম বাৰৰ বাবে এনে ঘটনা সংঘটিত হৈছে যে পৃথিৱীত নিৰ্মিত মহাকাশযানে প্ৰথমবাৰৰ বাবে সূৰ্য স্পৰ্শ কৰিছে! আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা নাছাই শেহতীয়া ভাৱে এই ঘোষণা কৰিছে । ইয়াৰ আগলৈকে আমি ধাৰণা লৈ আছিলো যে সূৰ্যক ইয়াৰ উত্তাপৰ বাবে মানৱ সমাজে স্পৰ্শ কৰা প্ৰায় অসম্ভৱ ৷

আমাৰ উপগ্ৰহ চন্দ্ৰৰ বিষয়ে এতিয়ালৈকে বহুত তথ্য লাভ কৰিে মানৱ সভ্যতাই ৷ ওচৰৰ গ্ৰহ মঙ্গল গ্ৰহতো এতিয়া ভ্ৰমণ কৰিব পাৰিছে মানৱ সভ্যতাই ৷ এইবাৰ ওচৰৰ তৰাটোক অধিক নিবিড়ভাৱে জানিবলৈ দুৱাৰখন খুলিলে। নাছাৰ কৃতিত্বৰ দ্বাৰা উৎসাহিত হৈ বিজ্ঞানীসকলে আশা কৰে যে চন্দ্ৰ আৰু মঙ্গল গ্ৰহৰ দৰে সূৰ্যৰ ৰহস্যও এইবাৰ প্ৰকাশ পাব।

Comments (0)
Add Comment