অসমৰ কাৰাগাৰত বন্দী হৈ থকা ম্যানমাৰৰ ৰহিংগীয়া লোকসকলৰ দহজন সদস্যই গৌহাটি উচ্চ ন্যায়ালয়ত শৰণাৰ্থীৰ মৰ্যাদা বিচাৰি বা তেওঁলোকৰ দেশলৈ ঘূৰাই পঠিয়াবলৈ আবেদন জনাইছে।
দুটা সম্পৰ্কিয় পৰিয়ালৰ ১০ জন ৰহিংগীয়াক বৈধ নথি-পত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁলোকক মধ্য অসমৰ তেজপুৰ কাৰাগাৰত কেইবা বছৰ ধৰি বন্দী কৰি ৰখা হৈছিল, য’ত আন বিদেশীও আছে ।
উল্লেখ্য যে, আৱেদনকাৰী ছাইদুৰ ৰহমান, তেওঁৰ পত্নী তাহাৰা বেগম আৰু তেওঁলোকৰ তিনিটা সন্তান, তেওঁৰ ভাতৃ মাহমেদ উল্লা, তেওঁৰ পত্নী ৰুমানা বেগম আৰু তেওঁলোকৰ তিনিটা সন্তান ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ বুথিদাংৰ কুণ্ডাং গাঁৱৰ অন্তৰ্ভুক্ত।