ছেবাৰ অধীনত ২০২২-ৰ পৰীক্ষাৰ বাবে নিৰ্দেশনা জাৰি
ছেবা (মাধ্যমিক শিক্ষা পৰিষদ অসম)য়ে ৩১ ডিচেম্বৰ, ২০২২ -ৰ ভিতৰত পৰৱৰ্তী এইচএছএলচি/এএইচএম (হাই স্কুল লিভিং চাৰ্টিফিকেট/ অসম হাই মাদ্ৰাছা) পৰীক্ষা-২০২২-ৰ মসৃণ আৰু নিৰপেক্ষ পৰিচালনাৰ বাবে ‘কেন্দ্ৰ সমিতি’ গঠন কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে।
লগতে ছেবাই আঙুলিয়াই দিছে যে, “শিক্ষাৰ্থীসকলৰ অভিভাৱক, বিশিষ্ট ব্যক্তি আৰু স্থানীয় শিক্ষাবিদ, স্থানীয় শিক্ষানুষ্ঠানৰ সকলো মুৰব্বী, কেন্দ্ৰ বিদ্যালয়ৰ পৰিচালনা সমিতি, আৰক্ষী থানাৰ দায়িত্বত থকা বিষয়া, পোষ্ট মাষ্টাৰ, চিকিৎসক বা চিকিৎসা বিষয়াৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা এখন সভাত পৰীক্ষাৰ বাবে কেন্দ্ৰ সমিতি গঠন কৰিব লাগিব।”