জ্ঞানপীঠ বিজয়ী কবি নীলমণি ফুকনৰ বাসগৃহত আশীৰ্বাদ ল’লে মুখ্যমন্ত্ৰীয়ে
’জ্ঞানপীঠ বঁটা’ৰে সন্মানিত বিশিষ্ট সাহিত্যিক তথা কবি ‘কাব্যঋষি’ নীলমণি ফুকনক বৃহস্পতিবাৰে অভিনন্দন জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ পুৱাবেলা বিশিষ্ট কবি গৰাকীৰ গুৱাহাটীৰ মালিগাঁৱস্থিত বাসভৱনত সাক্ষাৎ কৰি আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। লগতে তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ” শ্ৰদ্ধেয় ফুকন ছাৰৰ পৰ্বতসম অৱদানে আমাক অসমীয়া ভাষা আৰু সাহিত্যৰ জগতখনক সদা গৌৰৱান্বিত কৰি ৰাখিব। তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।”
