বিশ্বৰ ভিতৰত আটাইতকৈ বেছি ৷ আমেৰিকা যুক্তৰাষ্ট্ৰত ক’ভিড আক্ৰান্ত শিশুৰ সংখ্যা ৭.২ নিযুতলৈ বৃদ্ধি
ক’ভিড সংক্ৰমণৰ আৰম্ভণিৰ বৰ্তমানলৈ আমেৰিকাত প্ৰায় ৭.২ নিযুত শিশু এই ভাইৰাছৰ দ্বাৰা প্ৰভাৱিত হৈছে। সোমবাৰে এক অধ্যয়নত আমেৰিকান একাডেমী অফ পেডিয়াট্ৰিক্স (এপি) আৰু শিশু চিকিৎসালয় সংস্থা (চিএইচএ)ৰ দ্বাৰা এই কথা কোৱা হৈছে।
এপি আৰু চিএইচএৰ এক সমীক্ষাত কোৱা হৈছে যে দেশখনত ৯ ডিচেম্বৰ লৈকে ৭১.৯৬ লাখ ৯০১ শিশু ক’ভিডৰ দ্বাৰা প্ৰভাৱিত হৈছে। শিশু ক’ভিড ৰোগীৰ সংখ্যাৰ ১৭.২ শতাংশ। প্ৰতি ১০০,০০০ শিশুৰ ভিতৰত ৯,৫৬২ জন প্ৰভাৱিত হৈছে। বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি এই সংখ্যা ।
কেৱল যোৱা সপ্তাহতে, ১৬৪,০০০ শিশু কোভিডত আক্ৰান্ত বুলি ধৰা পৰিছিল। দেখা গৈছে যে এই ক্ষেত্ৰত ২৪ শতাংশ সংক্ৰমণ বৃদ্ধি পাইছে। অধ্যয়নটোৱে প্ৰকাশ কৰিছে যে আমেৰিকা যুক্তৰাষ্ট্ৰত একেৰাহে ১৮ সপ্তাহ ধৰি ১০০,০০০ ৰো অধিক শিশু সংক্ৰমিত হৈছে। ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা ২১ লাখ শিশু সংক্ৰমিত হৈছে।
এপিয়ে দাবী কৰিছে যে ক’ভিডৰ দ্বাৰা আক্ৰান্ত শিশুসকল গুৰুতৰভাৱে অসুস্থ হোৱাৰ সংখ্যা বৰ বেছি নহয়। অৱশ্যে, এ.পি.-য়ে কৈছিল যে শিশুৰ স্বাস্থ্যৰ ওপৰত কোভিডৰ দীৰ্ঘম্যাদী প্ৰভাৱৰ ওপৰত বিভিন্ন এতিয়াও পৰীক্ষা-নিৰীক্ষা চলি আছে।!