Daily Time Axom

যোৱা ১১ মাহ ২৪ দিন ধৰি জ্বলাই ৰখা এটা ৰাজনৈতিক দলৰ দুটা হাত লেম্প ৷ আজি আদৰি নিছে মাজুলীলৈ ৷

0 15

অসমৰ এটা ৰাজনৈতিক দলৰ কাৰ্যালয়ত যোৱা ৩৫৮ দিন ধৰি একেৰাহে জ্বলাই ৰখা হৈছে দুটা হাত লেম্প ৷ অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত জ্বলি আছেএই লেম দুটা ৷ যিকোনো মানুহ কাৰ্যালয়টোলৈ সোমাই গ’লে লেম দুটা জ্বলি থকা দেখা পায়৷ সেই লেম দুটাত যিদুকুৰা অগ্নি শিখা জ্বলি আছে, সেয়া ২৩ ডিচেম্বৰ ২০২০ তাৰিখে গুৱাহাটীৰ মাছখোৱাৰ নিকটৱৰ্তী ব্ৰহ্মপুত্ৰ পাৰৰ আন্ধাৰু বালিত, জাতীয় বীৰ লাচিত বৰফুকনৰ প্ৰতিমুৰ্তিৰ সন্মুখত জ্বলোৱা হৈছিল৷ সেইদিনা দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ি দলৰ সভাপতি হিচাপে দায়িত্ব লৈছিল৷ অগ্নিশিখাৰ নাম দিয়া হৈছিল জাতীয় সংকল্প শিখা৷

তাৰ পিছৰেপৰা যোৱা ১১ মাহ ২৪ দিন (৩৫৮ দিন) ধৰি জ্বলি আছে অগ্নি শিখা সম্বলিত এই লেম ৷ এই ল লৈ যোৱা হৈছে মাজুলীলৈ ৷আজি দলটোৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উপলক্ষে বিয়লি ৪ বজাত মাজুলীত উক্ত লেমৰ পৰাই প্ৰতিষ্ঠা দিৱসস্থলীত জাতীয় সংকল্প শিখা প্ৰজ্জ্বলিত কৰা হয় ৷

Leave A Reply

Your email address will not be published.